অসম

assam

ETV Bharat / bharat

বায়ু প্ৰদূষণ আৰু গৰ্ভধাৰণৰ অৱস্থাত মাতৃয়ে কৰা ধুম্ৰপানেই শিশুসকলক কৰিব পাৰে শকত!

শেহতীয়াকৈ কৰা এক গৱেষণাত সদৰি কৰা অনুসৰি গৰ্ভধাৰণৰ অৱস্থাত মাতৃয়ে কৰা ধুম্ৰপান, শিশুকালৰ পৰা কৰা ধুম্ৰপান,পৰিৱেশ তথা বায়ু প্ৰদূষণৰ বাবেও শিশুসকল শকত হোৱাৰ এক বিশেষ কাৰণ বুলি সদৰি কৰে এটি গৱেষকৰ দলে ।

By

Published : Jun 29, 2020, 1:03 PM IST

বায়ু প্ৰদূষণ
বায়ু প্ৰদূষণ আৰু গৰ্ভধাৰণৰ অৱস্থাত মাতৃয়ে কৰা ধুম্ৰপানেই শিশুসকলক কৰিব পাৰে শকত!

নিউজ ডেস্ক, ২৯ জুনঃগৰ্ভধাৰণৰ সময়ত মাতৃয়ে কৰা ধূম্ৰপান তথা শিশু অৱস্থাৰ পৰা কৰা ধূম্ৰপান,বায়ু প্ৰদূষণৰ লগতে পৰিৱেশ অনুযায়ীও শিশুসকল শকত হয় বুলি শেহতীয়াকৈ কৰা এটা অধ্যয়নত প্ৰকাশ পাইছে ।

বায়ু প্ৰদূষণ আৰু গৰ্ভধাৰণৰ অৱস্থাত মাতৃয়ে কৰা ধুম্ৰপানেই শিশুসকলক কৰিব পাৰে শকত!

আনহাতে,শিশুৰ অধিক ওজন আৰু শকতৰ স্থিতি নিৰ্ধাৰণ কৰিবলৈ বডী মাছ ইনডেক্স,ককালৰ পৰিধি, স্কিনফোল্ডৰ ঘনত্ব ব্যৱহাৰ কৰা হয় বুলিও প্ৰকাশ কৰে গৱেষকৰ দলটোৱে । গৰ্ভধাৰণ অৱস্থাত মাতৃ আৰু শিশুৰ তেজ আৰু প্ৰস্ৰাৱৰ পৰীক্ষাৰ নমুনাৰে বিশ্লেষণ কৰে বুলি সদৰি কৰে । বায়ু প্ৰদূষণ, নিৰ্মিত পৰিৱেশ,ধূম্ৰপান তথা ৰাসয়নিক প্ৰদূষণকাৰীসহ মুঠ ৭৭ টা গৰ্ভৱতী নাৰীসহ ৯৬ গৰাকী শিশুৰ ওপৰত চলোৱা গৱেষণাত ভিত্তিতে এই কথা প্ৰকাশ কৰে দলটোৱে ।

ABOUT THE AUTHOR

...view details