অসম

assam

By

Published : Jul 1, 2020, 12:02 PM IST

ETV Bharat / bharat

ইৰাণৰ ৰাজধানী টেহৰানত অগ্নিকাণ্ডঃ নিহত ১৩

মঙলবাৰে ইৰাণৰ ৰাজধানী টেহৰানৰ এখন চিকিৎসা সম্বন্ধীয় সামগ্ৰী থকা প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত ১৩ গৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ উপৰিও কমেও ৬ গৰাকী লোক গুৰুতৰভাৱে আহত হয় বুলি সদৰি কৰে টেহৰাণৰ এম্বুলেঞ্চ সেৱাৰ মুখ্য বিষয়া পেমেন ছাবেৰিয়ানে ।

ইৰাণ
ইৰাণৰ ৰাজধানী টেহৰানত অগ্নিকাণ্ড, নিহত ১৩

নিউজ ডেস্ক, ১ জুলাইঃ ইৰাণৰ ৰাজধানী টেহৰানৰ উত্তৰ দিশত অৱস্থিত চিকিৎসা সম্বন্ধীয় সামগ্ৰী থকা এখন প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ড । মঙলবাৰে সংঘটিত এই অগ্নিকাণ্ডত ১৩ গৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱা বুলি সদৰি কৰে টেহৰাণৰ এম্বুলেঞ্চ সেৱাৰ মুখ্য বিষয়া পেমেন ছাবেৰিয়ানে । লগতে কমেও ৬ গৰাকী লোক গুৰুতৰভাৱে আহত হয় বুলিও সদৰি কৰে ।

ইৰাণৰ ৰাজধানী টেহৰানত অগ্নিকাণ্ড, নিহত ১৩

আনহাতে, আন এগৰাকী বিষয়ববীয়াৰ ভাষ্য অনুসৰি, প্ৰতিষ্ঠানখনত গেছ লিক হোৱা ঘটনাৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হয় বুলি মত প্ৰকাশ কৰে । লগতে প্ৰতিষ্ঠানটোৰ অক্সিজেনৰ ট্যাংক বিস্ফোৰণ হয় বুলিও সদৰি কৰে ।

লগতে চাওকঃ লকডাউনঃ 12 জুলাইলৈ বন্ধ জন শতাব্দী এক্সপ্ৰেছ

ABOUT THE AUTHOR

...view details