নিউজ ডেস্ক, 16 চেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সংগতি ৰাখি বিজেপি দলে সমগ্ৰ দেশজুৰি আৰম্ভ কৰিছে " সেৱা সপ্তাহ "৷ 17 চেপ্তেম্বৰ লৈকে চলিবলগীয়া বিজেপিৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি সোমবাৰে লক্ষ্ণৌস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰদৰ্শন কৰা হ'ল প্ৰধানমন্ত্ৰী জীৱনৰ সাফল্য ৷ বাল্য কালৰ পৰা এইপৰ্যন্ত প্ৰধানমন্ত্ৰীগৰাকীয়ে জীৱনত লাভ কৰা বিভিন্ন সাফল্য সমূহৰ আলোক চিত্ৰ প্ৰদৰ্শিত কৰা হয় ৷ অনুষ্ঠানটোৰ শুভ উদ্বোধনী কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ লগতে উপস্থিত থাকে উত্তৰ-প্ৰদেশ ৰাজ্যিক বিজেপিৰ সভাপতি স্বতন্ত্ৰ দেৱ সিং, আৰু সাধাৰণ সম্পাদক সুনীল বনসল ৷
বিজেপিৰ সেৱা সপ্তাহ: লক্ষ্ণৌ বিজেপিত কাৰ্যালয়ত প্ৰদৰ্শিত প্ৰধানমন্ত্ৰীৰ সাফল্য !
লক্ষ্ণৌস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰদৰ্শন কৰা হ'ল প্ৰধানমন্ত্ৰীৰ জীৱনৰ সাফল্য ৷ বাল্য কালৰ পৰা বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীগৰাকীয়ে জীৱনত লাভ কৰা বিভিন্ন সাফল্য সমূহ প্ৰদৰ্শন কৰা হয় কাৰ্যালয়টোত ৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শুভ উদ্বোধন কৰে অনুষ্ঠানটোৰ ৷
Exhibition on pm modis achievements organised at lucknow Bjp headquarters
উল্লেখ্য যে, 17 চেপ্তেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি বিজেপিয়ে আৰম্ভ কৰিছে সেৱা সপ্তাহ ৷ সেৱা সপ্তাহৰ লগত সংগতি ৰাখি স্বচ্ছতাৰ লগতে বিভিন্ন সামাজিক কাৰ্য চলাইছে দলটোৰ কৰ্মীসকলে ৷