অসম

assam

ETV Bharat / bharat

এয়াৰ ষ্ট্ৰাইক বিজেপি নাইবা কংগ্ৰেছৰ নহয়, কেৱল ভাৰতীয় সেনাৰ প্ৰচেষ্টাৰহে এক ফল

ইটিভি ভাৰতৰ সৈতে দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ পুত্ৰ শৌৰ্য্য ডোভালৰ আছুতীয়া সাক্ষাৎকাৰ

etv bharat

By

Published : Mar 24, 2019, 3:04 PM IST

নিউজ ডেস্ক, 24 মাৰ্চ : ৰাজনৈতিক উত্থানৰ সন্ধানত থকা দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ পুত্ৰ শৌৰ্য্য ডোভালৰ মুখ থেকেচা ৷ পৌৰী সমষ্টিৰ পৰা বিজেপিয়ে টিকট প্ৰদান নকৰিলে শৌৰ্য্য ডোভালক ৷ কিন্তু বিজেপিৰ টিকট নাপালেও হতাশ হোৱা নাই বুলি মন্তব্য শৌৰ্য্যৰ ৷ টিকট নাপালেও উত্তৰাখণ্ডৰ উন্নয়নৰ বাবে সদায়েই কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে শৌৰ্য্য ডোভালে ৷

shaurya doval

দেশৰ নিৰাপত্তা সম্পৰ্কীয় প্ৰশ্নত শৌৰ্য্য ডোভালে ইটিভি ভাৰতৰ সাংবাদিকক কয় যে, চাৰ্জিকেল ষ্ট্ৰাইকক লৈ সকলো ৰাজনৈতিক দলে যিকোনো ধৰণৰ ৰাজনীতি কৰাৰ পৰা বিৰত থাকিব লাগে৷ এয়াৰ ষ্ট্ৰাইক বিজেপি নাইবা কংগ্ৰেছ কোনো এটা দলৰেই নহয়,ই কেৱল ভাৰতীয় সেনাৰ প্ৰচেষ্টাৰহে এক ফল ৷ গতিকে এয়াৰ ষ্ট্ৰাইকৰ সত্যতাক প্ৰশ্ন কৰি কৰি ভাৰতীয় সেনাৰ মনোবল ভাঙিবলৈ চেষ্টা কৰাতো মুঠেই উচিত নহয় ৷

ABOUT THE AUTHOR

...view details