নিউজ ডেস্ক, 13 ডিচেম্বৰ : বিশিষ্ট সাংবাদিক মানস প্ৰতীম ভূঞাই মন্তব্য কৰে যে,অসমীয়া লোকে প্ৰতি খোজতে বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিশ্বাসঘাটকতা লাভ কৰি আহিছে ৷ ভাষা-সংস্কৃতি সুৰক্ষিত কৰিব বুলি বিভিন্ন দলক বিশ্বাস কৰি জয়যুক্ত কৰিছিল যদিও অৱশেষত প্ৰতাৰণাৰ বাহিৰে একো লাভ নকৰিলে ৷ অসমীয়া মানুহে এনে পৰিস্থিতি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে ৷ এন আৰ চিৰ জৰিয়তে অবৈধ বাংলাদেশীক অসমৰ পৰা বহিস্কাৰ কৰিব বুলি অসমীয়াই আশা দেখিছিল যদিও নাগৰিকত্ব সংশোধনী আইন আনি বিশ্বাসঘাটকতা কৰা হ'ল ৷
তেওঁ লগতে কয় যে,কেবৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে হিন্দু-মুছলিমৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ৷ শ শ জনগোষ্ঠীৰে প্ৰাচীন যুগৰ পৰা একেলগে বাস কৰা উত্তৰ-পূৱ তথা অসমৰ ৰাইজে হিন্দু-মুছলিমৰ বিভেদ কেতিয়াও গ্ৰহণ নকৰে ৷ সেয়েহে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা এই আইনৰ বিৰোধিতা কৰিছে অসমীয়া জনগণই ৷ এই আইনে বিপদৰ সৃষ্টি কৰিব সেয়েহে অসমীয়া মানুহৰ মাজত ইয়াৰ প্ৰতিফলন দেখা গৈছে ৷ ৰাজনৈতিক নেতৃবৃন্দই অসমীয়াৰ অনুভূতিক বুজি পোৱা উচিত বুলি মন্তব্য কৰে বিশিষ্ট সাংবাদিকজনে ৷