নেশ্যনেল, 17 জানুৱাৰীঃ বিগত কিছুদিন ধৰি সংশোধিত নাগৰিকত্ব আইন 2019ক লৈ তোলাপাৰ হৈ আছে সমগ্ৰ ভাৰতবৰ্ষ ৷ ইয়াক লৈ বিশ্বৰ কেইবাখনো দেশে ভাৰতৰ এই নাগৰিকত্ব আইনক লৈ নিজৰ মতামত আগবঢ়াইছে ৷ এইক্ষেত্ৰত মালদ্বীপৰ বৈদেশিক মন্ত্ৰীয়ে আব্দুল্লা শ্বাহিদ নিজৰ মতামত আগবঢ়াইছে ৷ জেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মালদ্বীপৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰৰ কাশ্মীৰৰ 370আৰু নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কৰ স্থিতিক আদৰণী জনায় ৷ তেওঁ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এচ জয়শংকৰৰ লগত নতুন দিল্লীত মিলিত হৈ এই সম্পৰ্কে বিতংভাৱে আলোচনা কৰে ৷
কাশ্মীৰ তথা নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত ভাৰত চৰকাৰৰ স্থিতিক লৈ সুখী মালদ্বীপৰ বৈদেশিক মন্ত্ৰীগৰাকীঃ
প্ৰশ্নঃ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এচ জয়শংকৰৰ লগত বৈঠকৰ মুখ্য বিষয় কি আছিল?
আব্দুল্লা শ্বাহিদঃ বিশেষকৈ দুয়ো দেশৰ বিকাশ সম্পৰ্কত আলোচনা হৈছিল ৷ ছয়টা নতুন প্ৰজেক্টৰ বিষয়ে দুয়োখন দেশৰ মাজত আলোচনা কৰা হয় ৷
প্ৰশ্নঃ মালদ্বীপৰ বিকাশ সম্পৰ্কত ভাৰতৰ কি ভূমিকা হ’ব বুলি আপুনি ভাৱে?