নেশ্যনেল ডেস্ক, 20 মাৰ্চ :শুকুৰবাৰে ফাঁচীকাঠত ওলমিল দেশ কঁপাই যোৱা নিৰ্ভয়া কাণ্ডৰ চাৰি দোষী ৷ পুৱা 5.30 বজাত চাৰিজন দোষীকে ফাঁচীকাঠত ওলমোৱাৰ পাচতে সমগ্ৰ দেশৰ নাগৰিকে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ 2012 চনৰ ধৰ্ষণ আৰু হত্যাকাণ্ডত নিজ কন্যাক হেৰুওৱা নিৰ্ভয়াৰ পিতৃ-মাতৃয়েও ফাঁচীৰ পাচতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে কয় যে,মোৰ কন্যাৰ সৈতে পিশাচৰ দৰে ব্যৱহাৰ কৰা হৈছিল ৷ ইয়াৰ পৰা সমগ্ৰ দেশ প্ৰভাৱিত হৈছিল ৷ পলমকৈ ন্যায় পালেও এই কথাক লৈ পিতৃ-মাতৃ সুখী যে,চাৰিওজন দোষীয়ে শাস্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷
নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে কয় যে,যি পদ্ধতিৰে আইনৰ অপব্যৱহাৰ কৰি গোচৰটো দীঘলীয়া কৰা হৈছিল সেয়া ঠিক নহয় ৷ তেওঁ কয় যে,এ. পি. সিঙে সঘনাই ঘটনাক মিছা প্ৰমাণিত কৰিব চেষ্টা কৰি আহিছিল ৷ কিন্তু,অৱশেষত সত্যৰ জয় হ'ল ৷ যিসকলে আইনৰ অপব্যৱহাৰ কৰি আহিছে সেইসকলৰো বিচাৰ হ'ব লাগে ৷ ইয়াৰ ফলত ন্যায় লাভৰ বাবে যুঁজি থকা দেশৰ কন্যাসকলে এনেদৰে কষ্টৰ সন্মুখীন হ'বলগা নহয় ৷