অসম

assam

By

Published : Sep 30, 2019, 11:46 PM IST

Updated : Oct 1, 2019, 12:03 PM IST

ETV Bharat / bharat

এনআৰচিঃ দিল্লীত আক্ৰাছু নেতাৰ হুংকাৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ সদৌ অসম কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ ৷ ইতিমধ্যে নতুন দিল্লীত বাহৰ পাতি থকা সংগঠনটোৰ শীৰ্ষ নেতৃত্বৰ লগতে বহুটো কৰ্মী তথা সদস্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এখন স্মাৰক পত্ৰও প্ৰদান কৰে ৷

নতুন দিল্লীত প্ৰতিবাদ আক্ৰাছুৰ

নতুন দিল্লী, 30 ছেপ্টেম্বৰঃসদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰীক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে আক্ৰাছুৰ শীৰ্ষ নেতৃত্বই৷

বিগত আগষ্ট মাহৰ 31 তাৰিখে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰিছিল প্ৰায় 19 লাখ লোকৰ নাম ৷ ইয়াৰে অধিকাংশই খিলঞ্জীয়া লোক হোৱাৰ লগতে ৰাজ্যৰ ওদালগুৰি জিলাৰ বহুটো কোঁচ-ৰাজবংশী লোকৰ নাম বাদ পৰিছিল এন আৰ চিৰ পৰা ৷

নতুন দিল্লীত প্ৰতিবাদ আক্ৰাছুৰ

পৰৱৰ্তী সময়ত সংগঠনটোৱে ইয়াৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিবাদ গঢ়ি তুলিছিল ৷ সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি, 19 লাখৰ ভিতৰত প্ৰায় 56 হাজাৰ কোঁচ-ৰাজবংশী ৰাইজ আছে ৷ উল্লেখ্য যে, কোচ-ৰাজবংশীসকল হৈছে অসম, মেঘালয়, উত্তৰ বংগ, বিহাৰ আৰু ভূটান তথা নেপালৰ বাসিন্দা ৷

কোঁচ-ৰাজবংশীসকলে দীৰ্ঘদিন ধৰি পৃথক কমতাপুৰ ৰাজ্যৰ লগতে অনুসুচিত জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী উত্থাপন কৰি আহিছে ৷ পৰৱৰ্তী সময়ত যদিহে কেন্দ্ৰীয় চৰকাৰে কোঁচ-ৰাজবংশীসকলৰ দাবী মানি নলয় তেতিয়াহ'লে অধিক শক্তিশালী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

Last Updated : Oct 1, 2019, 12:03 PM IST

ABOUT THE AUTHOR

...view details