অসম

assam

ETV Bharat / bharat

তিনি দিনৰ ভিতৰত চৰকাৰী বাসগৃহ খালি কৰিলে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে - তিনি দিনৰ ভিতৰত চৰকাৰী বাসগৃহ খালি কৰিলে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে

অযোধ্যাৰ বিবদমান গোচৰৰ ৰায়দান কৰা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অন্যন্য নিদৰ্শন ৷ কাৰ্যকাল সমাপ্ত কৰাৰ তিনি দিনৰ পাচতেই চৰকাৰী বাসগৃহ ত্যাগ মুখ্য ন্যায়াধীশগৰাকীৰ ৷

তিনি দিনৰ ভিতৰত চৰকাৰী বাসগৃহ খালি কৰিলে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে

By

Published : Nov 22, 2019, 10:04 PM IST

নিউজ ডেস্ক, 22 নৱেম্বৰ:উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অন্যন্য নিদৰ্শন ৷ অৱসৰ গ্ৰহণ কৰাৰ তিনি দিনৰ পাচতেই দেশৰ মুখ্য ন্যায়াধীশ হিচাপে লাভ কৰা চৰকাৰী বাসভৱন খালি কৰিলে প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীয়ে ৷ ইয়াৰ লগতে অতি সোনকালে চৰকাৰী বাসভৱন খালি কৰা প্ৰথমগৰাকী ন্যায়াধীশ হিচাপে পৰিগণিত হয় ৰঞ্জন গগৈ ৷ ইয়াৰ পূৰ্বে ন্যায়াধীশ জে.এছ.খেহাৰে অৱসৰৰ এসপ্তাহৰ ভিতৰত খালি কৰিছিল চৰকাৰী বাসগৃহ ৷

নিয়ম অনুসৰি মুখ্য ন্যায়াধীশ সকলে অৱসৰৰ এমাহৰ ভিতৰত খালি কৰি দিব লাগে নিজৰ-নিজৰ চৰকাৰী বাসগৃহ সমূহ ৷ সেই পৰম্পৰাকে পালন কৰি আহিছিল পূৰ্বৰ মুখ্য ন্যায়াধীশসকলে। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম দেখা গ’ল ৰঞ্জন গগৈক ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দিল্লীৰ 5 কৃষ্ণ মেনন মাৰ্গত থকা চৰকাৰী বাসভৱনত বাস কৰিছিল ৰঞ্জন গগৈয়ে।

ইপিনে কাৰ্যভাৰৰ অন্তিম দিনা বিদায় অনুষ্ঠানত ৰঞ্জন গগৈয়ে কৈছিল,এটা অনুষ্ঠান হিচাপে আমি আমাৰ সাৰ্থ অনুযায়ী সৰ্বোচ্চ দিয়াৰ চেষ্টা কৰিছো ৷ ন্যায়িক ব্যৱস্থা বৰ্তমান বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ যিটো আমাৰ ন্যায়ালয়ৰ ভিতৰ অথবা বাহিৰতে সৃষ্টি হয় ৷ লগতে কয়,আদালতৰ কাম কাজত গুণ্ডাগিৰি আৰু ভাবুকি দিয়াৰ ঘটনা এটা পৰম্পৰাত পৰিণত হৈছে ৷ আদালতৰ মৰ্যাদা অটুট ৰখাৰ বাবে এইয়া স্বীকাৰ কৰিব লাগিব কাৰণ এনে ধৰণৰ অশুভ পৰম্পৰাৰ ফলত আদালতৰ মৰ্যদা ক্ষুণ্ণ হয় ৷

উল্লেখ্য যে,মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু পাঁচগৰাকী বিচাৰপীঠৰ নেতৃত্বই দীৰ্ঘদিনৰ পৰা চলি অহা ৰাম জন্মভূমি আৰু বাবৰি মছজিদক লৈ চলি অহা অযোধ্যাৰ ভূমি বিবাদৰ ঐতিহাসিক ৰায় দিছিল ।

লগতে চাওক-পাৰস্পৰিকতাই উমৈহতীয়া পথত মূল উপায়

ABOUT THE AUTHOR

...view details