নিউজ ডেস্ক, 7 নৱেম্বৰঃ হিমাচল প্ৰদেশত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে " ৰাইজিং হিমাচল ইনভেচটৰ মিট 2019" ৷ বৃহস্পতিবাৰে এই অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ অনুষ্ঠানৰ শুভাৰম্ভণি কৰি প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা- 2025 চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতিক 5 ট্ৰিলিয়ন কৰিবলৈ হ'লে দেশৰ প্ৰত্যেকখন ৰাজ্য আৰু জিলাই সমানে সহযোগিতা আগবঢ়াব লাগিব ৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশৰ প্ৰত্যকখন ৰাজ্যৰ তথা প্ৰত্যকখন জিলাৰ কাষত যথেষ্ট ক্ষমতা আছে ৷ ভাৰত চৰকাৰৰ 5 ট্ৰিলিয়ন অৰ্থনীতিৰ লক্ষ্যক পৰিপূৰ্ণ কৰাৰ ক্ষেত্ৰত ৰাজ্য তথা জিলা সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷