অসম

assam

উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ শাসক-বিৰোধী উভয়ৰে সমৰ্থন !

By

Published : Nov 9, 2019, 1:29 PM IST

Updated : Nov 9, 2019, 4:34 PM IST

উচ্চতম ন্যাায়লয়ৰ ৰায়দানক সমৰ্থন ৰাজনৈতিক মহলত ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠে প্ৰদান কৰে অযোধ্যাৰ বিবাদমান ভূমি সন্দৰ্ভত ৰায়দান ৷

অযোধ্যা ভূমি বিবাদৰ ৰায়দান

নিউজ ডেস্ক, 9 নৱেম্বৰঃ শনিবাৰে উচ্চতম ন্যাায়লয়ে প্ৰদান কৰে অযোধ্যা ৰাম মন্দিৰ ভূমি বিবাদৰ ঐতিহাসিক ৰায়দান ৷ মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ নেতৃত্বধীন পাঁচজনীয়া বিচাৰপীঠে প্ৰদান কৰে ৰায়দান ৷ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দান অনুসৰি অযোধ্যাৰ বিবদমান ভূমিত নিৰ্মাণ কৰা হ'ব ৰাম মন্দিৰ ৷ মুছলিমসকলে মছজিদৰ বাবদ লাভ কৰিব পাঁচ একৰ ভূমি ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক সমৰ্থন জনাইছে ৰাজনৈতিক মহলত ৷

গাডকাৰীৰ প্ৰতিক্ৰিয়া

উচ্চতম ন্যায়ালয়ৰ ৰায়দানক সমৰ্থন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ 'ৰামভক্তি' 'ৰহিম ভক্তিৰ' ভাৱধাৰা পৰিহাৰ কৰি সমগ্ৰ দেশবাসীক ভাৰত ভক্তিৰে আগুৱাই যোৱাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ লগতে বিষয়টোক লৈ কোনোধৰণৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি নকৰিবলৈ 130 কোটি জনসাধাৰণক আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰায়দানৰ প্ৰতি সমৰ্থন জনাই দেশৰ উন্নয়নৰ বাবে এই ৰায়দান মাইলৰ খুটি হিচাপে চিহ্নিত হ'ব বুলি মন্তব্য কৰে ৷ দেশৰ প্ৰত্যেকটো জাতি-ধৰ্মৰ লোককে ৰায়দানটো প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈও আহ্বান জনাই গৃহমন্ত্ৰীগৰাকীয়ে ৷

দিল্লীৰ মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱালে ৰায়দানৰ পিচতে টুইটযোগে সমৰ্থন আগবঢ়াই ৷ তেওঁ কয় যে, উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ বিবদমান ভূমি সন্দৰ্ভত দিয়া ৰায়দানৰ প্ৰতি আমি সমৰ্থন আগবঢ়াইছো ৷ বহু বছৰ পুৰণি এটি বিতৰ্কৰ অৱসান ঘটিল ৷ সাধাৰণ ৰাইজক শান্তি আৰু শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ প্ৰতি সমৰ্থন আগবঢ়াই বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউ (JDU)ৰ নেতা নীতিশ কুমাৰে ৷ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক প্ৰত্যেকে সন্মান জনাব লাগে বুলিও মন্তব্য কৰে বিহাৰৰ নেতাগৰাকীয়ে ৷

লগতে পঢ়কঃ অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হ'ব ৰাম মন্দিৰ

ইপিনে,দিল্লীত এখন সংবাদমেল সম্বোধন কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ প্ৰতি সমৰ্থন আগবঢ়াই সৰ্বভাৰতীয় কংগ্ৰেছ দলে ৷ কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সুৰজাৱালাৰ মন্তব্য অযোধ্যাৰ বিবদমান ভূমিত নিৰ্মাণ হ'বলগীয়া ৰাম মন্দিৰৰ পক্ষত আছে কংগ্ৰেছ দল ৷

উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কেন্দ্ৰীয় পথ পৰিবহণ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক এক ঐতিহাসিক ৰায়দান আখ্যা দিয়ে কেন্দ্ৰীয় প্ৰতিৰক্ষা দপ্তৰৰ মন্ত্ৰী ৰাজনাথ সিঙে ৷

ৰাজনাথ সিঙৰ প্ৰতিক্ৰিয়া
Last Updated : Nov 9, 2019, 4:34 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details