নিউজ ডেস্ক, 29 অক্টোবৰঃমঙলবাৰে কাশ্মীৰত উপস্থিত হয় ইউৰোপিয়ান সংঘৰ এটা প্ৰতিনিধি দল ৷ আগন্তুক দুদিনত ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰে আলোচনা কৰাৰ লগতে সাধাৰণ ৰাইজৰ মতামতো গ্ৰহণ কৰিব প্ৰতিনিধি দলটোৱে ৷ লগতে কাশ্মীৰত প্ৰকৃতাৰ্থত মানৱ অধিকাৰৰ উলংঘা হৈছে নে নাই ! সেই সন্দৰ্ভতো তথ্য আহৰণ কৰিব দলটোৱে ৷ প্ৰতিনিধি দলটোৰ সদস্য নেথেন গিলে মন্তব্য কৰে যে,বিদেশী প্ৰতিনিধি হিচাপে কাশ্মীৰলৈ যোৱাটো আমাৰ বাবে সৌভাগ্যৰ বিষয় ৷ ইয়াৰ জৰিয়তে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ত কি ঘটিছে সেই সন্দৰ্ভত আমি অৱগত হ'ব পাৰিম ৷
উল্লেখ্য যে,সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে মিলিত হয় ভাৰত ভ্ৰমণলৈ অহা ইউৰোপিয়ান সংঘৰ প্ৰতিনিধিৰ দলটো ৷ ইউৰোপিয়ান সংঘৰ প্ৰতিনিধি দলটোত সৰ্বমুঠ 28 গৰাকী সদস্য আছে ৷ ইউৰোপিয়ান সংঘৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীৰ আশ্বাস এই ভ্ৰমণ কাশ্মীৰৰ লগতে দেশৰ অন্যান্য ৰাজ্যৰ বাবেও লাভদায়ক হ'ব ৷