অসম

assam

ETV Bharat / bharat

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

দেশৰ COVID-১৯ বিৰোধী যুঁজখনৰ বিভিন্ন দিশৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে সদৰি কৰে, ইটিভি ভাৰতৰে হোৱা এক বিশেষ সাক্ষাৎকাৰত ।

ETV BHARAT SPECIAL INTERVIEW WITH UNION HEALTH MINISTER HARSH VARDHAN
ETV BHARAT SPECIAL INTERVIEW WITH UNION HEALTH MINISTER HARSH VARDHAN

By

Published : May 12, 2020, 2:23 PM IST

প্ৰায় এশটা ভাৰতীয় প্ৰতিষ্ঠানে দেশত দৈনিক তিনি লাখ পি.পি.ই কীট প্ৰস্তুত কৰি আহিছে । ইটিভি ভাৰতৰে হোৱা এক বিশেষ সাক্ষাৎকাৰত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে এই তথ্য সদৰি কৰে । দেশৰ COVID-১৯ বিৰোধী যুঁজখনৰ বিভিন্ন দিশৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই আছুতীয়া সাক্ষাৎকাৰত প্ৰকাশ কৰিছে...

প্ৰশ্নঃ এয়া আমাৰ সকলোৰে বাবে অত্যন্ত কঠিন সময় । সকলোৱে ভাৰত বৰ্তমান কি পৰ্যায়ত আছে জানিব বিচাৰে । বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি চৰকাৰখন আত্মবিশ্বাসী হয়নে ?

উত্তৰঃ এয়া সমগ্ৰ বিশ্বৰ বাবে কঠিন সময় । স্বাস্থ্য খণ্ডৰ সৈতে চাৰি–পাঁচটা দশক সক্ৰিয়ভাৱে জড়িত থাকি মই কেতিয়াও এনেধৰণৰ পৰিস্থিতি দেখা পোৱা নাছিলো । চীনত ভাইৰাছ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে ভাৰতে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছিল ।

৭ জানুৱাৰীত চীনে বিশ্ব স্বাস্থ্য সংস্থাক নিউমোনিয়া সৃষ্টি কৰা এক নতুন কৰ’ণা ভাইৰাছৰ বিষয়ে জনাইছিল । ভাৰতে ২৪ ঘণ্টাতকৈ কম সময়ৰ ভিতৰত বিশেষজ্ঞসকলৰ মাজত এখন বিশেষ বৈঠক অনুষ্ঠিত কৰে আৰু অতি দ্ৰুততাৰে ব্যৱস্থা গ্ৰহণ কৰে ।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

১০-১৪ দিনৰ ভিতৰত আমি আমি সকলো ৰাজ্যৰ বাবে এক বিস্তৃত পৰামৰ্শাৱলী প্ৰস্তুত কৰিছিলো ।১৮ জানুৱাৰীত আমি চীন আৰু হংকঙৰ পৰা অহা যাত্ৰীসকলৰ নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে একেটা দিনতে সামাজিক নিৰীক্ষণৰো ব্যৱস্থা কৰো ।

বিগত তিনি মাহত এই সংক্ৰমণ ৰোধৰ উদ্দেশ্যে আমি আগতীয়া, সক্ৰিয়া আৰু ক্ৰমাগতভাৱে উন্নত ব্যৱস্থা গ্ৰহণ কৰিছো । স্বাস্থ্যমন্ত্ৰীক মুৰব্বী হিচাপে লৈ মন্ত্ৰীসকলৰ এক সমিতি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যক্ষ নিৰীক্ষণ, আমাৰ সীমান্তত প্ৰায় ২০ লাখ লোকৰ স্ক্ৰীনিং আৰু প্ৰায় ১০ লাখ লোকক সামাজিক নিৰীক্ষণত ৰখা হৈছে ।

জনতা কাৰ্ফিউৰ দৰে অভিনৱ পন্থা আৰু লক্ ডাউনৰ দৰে দৃঢ় ব্যৱস্থা আমি গ্ৰহণ কৰিছো ।

এনেধৰণৰ পদক্ষেপৰ বাবে ভাৰতবৰ্ষই বিশ্বৰ আন প্ৰান্তৰ তুলনাত যথেষ্ট অগ্ৰগতি লাভ কৰিছে । সমগ্ৰ বিশ্বই আমাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে ।

ভাৰতত মৃত্যুৰ হাৰ কম, ১১-১২ দিনৰ ভিতৰতহে দুগুণ বৃদ্ধিৰ হাৰ আছে, আমাৰ ৩০ শতাংশ ৰোগীয়ে আৰোগ্য লাভ কৰিছে । আনহাতে চাৰি মাহৰ ভিতৰতে আমি দেশত প্ৰতি দিনে ৯৫ হাজাৰ পৰীক্ষা সম্পন্ন কৰিব পৰাকৈ ৪৫০ টা পৰীক্ষাগাৰৰ ব্যৱস্থা কৰিব পাৰিছো ।

আমাৰ ব্যৱস্থা আৰু সফলতাৰ লগত জড়িত সকলো কথাই পৰিস্কাৰ আৰু ফটফটীয়া ।

প্ৰশ্নঃCOVID-১৯ আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পাই আহিছে । পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি কৰাটোৱেই ইয়াৰ প্ৰমাণ নহয়নে?

উত্তৰঃCOVID-১৯ত আক্ৰান্তৰ সংখ্যা অত্যাধিকভাৱে বৃদ্ধি পোৱা নাই । গ্ৰাফডাল বহু পৰিমাণে স্থিৰ দেখা যায় । আমি যোৱা ২৪ ঘণ্টাত ভাৰতত ৮৫ হাজাৰ লোকৰ পৰীক্ষা কৰিছো । প্ৰথমতে আমি যেতিয়া পৰীক্ষা কৰা আৰম্ভ কৰিছিলো তেতিয়া প্ৰতিদিনে দুহাজাৰ লোকৰ পৰীক্ষা কৰিছিলো ।

সংক্ৰমণ নোহোৱা জিলাসমূহতো আমি ছিভিয়াৰ একিউট ৰেছপিৰেটৰী ইনফেকশ্বন আৰু ইনফ্লুৱেঞ্জা সদৃশ ৰোগৰ লোক আছে নেকি বিচাৰ কৰি আছো । এই ক্ষেত্ৰত ৰাজ্যসমূহেও যথেষ্ট সহযোগিতা আগবঢ়াইছে ।

বিগত তিনিমাহত আমাৰ দেশত ষাঠি হাজাৰৰ অধিক লোক COVID-১৯ত আক্ৰান্ত হৈছে । এই সংখ্যা আন সৰু ৰাজ্যসমূহৰ লগত তুলনা কৰক । তেওঁলোকৰ লাখৰ হিচাপত আক্ৰান্ত ৰোগী আছে । আমাৰ দেশৰ মৃত্যুৰ হাৰ ৩ শতাংশ । কিন্তু বিশ্বৰ গড় হাৰ ৭-৭.৫ শতাংশ । আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি সুধিলে ক’ব পাৰি যে, ব্যাপক হাৰত পৰীক্ষা আৰু সন্ধান কৰাৰ বাবেহে নতুন আক্ৰান্তৰ তথ্যবোৰ ওলাই আছে । আমি দেশৰ প্ৰতিজন কৰ’ণা পজিটিভ লোককে বিচাৰি উলিওৱাটো বিচাৰো ।

প্ৰশ্নঃপৰীক্ষা কেন্দ্ৰক লৈ চৰকাৰৰ পৰিকল্পা কেনেধৰণৰ? এই মাহৰ শেষৰ পিনে দেশত কিমানসংখ্যক পৰীক্ষা কেন্দ্ৰ আপুনি স্থাপন কৰিছে? বৰ্তমান ভাৰতৰ পৰীক্ষাৰ ব্যৱস্থাকলৈ আপোনাৰ মতামত ।

উত্তৰঃভাইৰ’লজী টেষ্টিঙৰ বাবে আমি আগতে আমেৰিকালৈ নমুনা প্ৰেৰণ কৰিছিলো । যেতিয়া প্ৰথমগৰাকী ৰোগী জানুৱাৰীত ধৰা পৰিছিল তেতিয়া আমাৰ মাত্ৰ এটা পৰীক্ষাগাৰ আছিল । এতিয়া মে’ৰ দ্বিতীয় সপ্তাহত সমগ্ৰ দেশত ৪৭২ টা পৰীক্ষা কেন্দ্ৰৰ সুবিধা প্ৰদান কৰিব পাৰিছো । ২৭৫ টা পৰীক্ষা কেন্দ্ৰ চৰকাৰী খণ্ডৰ ।

আমি ৯৫ হাজাৰলৈকে পৰীক্ষা কৰাৰ সামৰ্থ অৰ্জন কৰিছো । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তত্বাৱধানত বিশেষজ্ঞৰ দলৰ পৰামৰ্শ অনুসৰি, এইসমূহ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । কাক কাক পৰীক্ষা কৰিব লাগে সেই বিষয়ে স্পষ্ট নিৰ্দেশ আৰু পৰামৰ্শাৱলী আছে ।

বিশেষজ্ঞসকলৰ উপদেশ অনুসৰি পৰীক্ষা কৰাৰ নীতি প্ৰস্তুত কৰা হৈছে । আমাৰ পৰীক্ষা কৰা শক্তিৰ বাবে আমি সমস্যাবোৰ চিনাক্ত কৰিব পাৰিছো, হটস্পট, নন-হটস্পট আৰু সংক্ৰমণ নোহোৱা জিলাবোৰ বাচি উলিয়াব পাৰিছো ।

প্ৰশ্নঃকিছুসংখ্যক ৰাজ্যই দিয়া তথ্য আৰু কেন্দ্ৰ বা স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্যত ব্যাপক ব্যৱধান আছে ।

উত্তৰঃCOVID-১৯ আক্ৰান্তৰ সংখ্যাক লৈ কোনো খেলিমেলি নাই । কিয়নো সন্দেহজনক লোক এজনক চিনাক্ত কৰাৰ পৰা পৰীক্ষাগাৰত প্ৰতিবেদন প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো পৰিৱৰ্তনশীল আৰু সমান্তৰাল । প্ৰতিবেদনসমূহ তাৰ পাচত ৰাজ্য, সংযুক্ত ৰোগী নিৰীক্ষণ আঁচনি বা চমুকৈ আই ডি এছ পি আৰু আই চি এম আৰলৈ প্ৰৰণ কৰা হয় । গতিকে সকলো উৎসৰ পৰা সকলো তথ্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সংগ্ৰহ কৰে । যিহেতু এই প্ৰক্ৰিয়া সমান্তৰালভাৱে চলি থাকে সেয়ে আপুনি বিভিন্ন পৰ্টেলত বিভিন্ন সংখ্যা দেখা পাব পাৰে । কিন্তু আমি যেতিয়া সকলো সংগ্ৰহ কৰোঁ তাত কোনো বিভেদ নাই, কোনো খেলিমেলি নাই, সকলো সুস্পষ্ট ।

প্ৰশ্নঃএতিয়া আপুনি গুৰুত্ব দিয়া হটস্পটসমূহ কি কি?

উত্তৰঃগোটেই দেশখনকে তিনিটা ভাগত বিভক্ত কৰা হৈছে—ৰেড, অ’ৰেঞ্জ আৰু গ্ৰীন । যিহেতু জিলা হিচাপত ভাগ কৰা হৈছে, ভাৰতত ১৩০ খন হটস্পট জিলা আছে । ২৮৪ খন নন-হটস্পট জিলা আৰু ৩১৯ খন সংক্ৰমণহীন । আমি সংক্ৰমণ নোহোৱা জিলাসমূহত গুৰুত্ব দি আহিছো ।

হটস্পটৰ ভিতৰতে সৰু-ডাঙৰ ক্লাষ্টাৰ, কম-বেছি সংক্ৰমণ আদিৰ ভিত্তিত ব্যৱস্থাসমূহ বিভিন্ন ধৰণে লোৱা হৈছে । কণ্টেইনমেণ্ট জ’নৰ বাবে ক্ষুদ্ৰ পৰিকল্পনা আৰু ঘৰে ঘৰে যোৱাৰ বাবে ব্যৱস্থা আছে ।

বিশেষজ্ঞৰ তত্বাৱধানত স্থানীয় দল, ৰেপিড ৰেছপন্স টীম, চাৰ্ভাইলেঞ্চ টীম, মেডিকেল কলেজ আৰু কেন্দ্ৰীয় চৰকাৰৰ দলে এই হটস্পটসমূহত কাম কৰে । তেনেবোৰ স্থানত নীতি নিৰ্ধাৰণ আৰু ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট ।

প্ৰশ্নঃৰাজহুৱা স্বাস্থ্য সেৱাৰ উপায় নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জনোৱা আহ্বানক ৰাজ্যসমূহে কেনেদৰে সঁহাৰি জনাইছে? প্ৰত্যাহ্বানসমূহ কেনেধৰণৰ?

উত্তৰঃআমি সময়ে সময়ে জাৰি কৰা নিৰ্দেশাৱলী ৰাজ্য চৰকাৰসমূহে পালন কৰি আহিছে । প্ৰতিখন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ সৈতে আমি নিয়মীয়াকৈ কথা পাতি পৰিস্থিতিৰ বুজ লৈ আহিছো । পি.পি.ই কিটৰ যোগান, ঔষধ, এন৯৫ মাস্ক, ভেণ্টিলেটৰৰ লগতে পৰীক্ষাগাৰ স্থাপন আৰু আন্তঃগাঁথনি উন্নত কৰিবলৈ পৰামৰ্শ দিয়াকে ধৰি সম্ভৱপৰ সকলো দিশতে আমি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিছো ।

হটস্পট অঞ্চলসমূহত আমি বিশেষজ্ঞ আৰু ছাৰ্ভাইলেঞ্চ দলক প্ৰেৰণ কৰিছো, যাতে দেশৰ স্বাস্থ্য সেৱা সকলোৱে লাভ কৰাটো নিশ্চিত হয় ।

প্ৰত্যাহ্বানসমূহ হৈছে ডাঙৰ চহৰৰ ডাঙৰ ডাঙৰ বস্তি অঞ্চলবোৰ, বাহিৰৰ পৰা অহা অসংখ্য লোক, লক্ ডাউন আৰু সামাজিক দূৰত্ব ভালদৰে পালন নোহোৱা অঞ্চলসমূহ । প্ৰব্ৰজনকাৰী শ্ৰমিক, তবলিগী জামাতৰ বিষয়টোৰ পাচত বিদেশৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা লোৱাটো আমাৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে ।

প্ৰশ্নঃযিহেতু হাস্পতালৰ পৰা ৰেপিড টেষ্টিং কীটসমূহ ইয়াৰ কিছু গুণগত সমস্যাৰ বাবে বাতিল কৰা হৈছে ইয়াৰ বিকল্প কি হ’ব পাৰে? টেষ্টিং কীটৰ প্ৰয়োজনীয়তা আৰু যোগানৰ ক্ষেত্ৰত কিবা ব্যৱধান আছে নেকি?

উত্তৰঃআমাৰ পৰীক্ষা কৰাৰ বাবে আৰটি-পিচিআৰ আছে । যেতিয়া এই এণ্টিবডী টেষ্টিঙৰ কথা কোৱা হৈছিল তেতিয়া আমিও নিৰীক্ষণ আৰু চিনাক্তকৰণৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কথা ভাবিবলৈ লওঁ ।

আমি যিমান সোনকালে পাৰো কীট ক্ৰয়ৰ বাবে চেষ্টা চলাইছিলো । যেতিয়া আমি গম পালো যে সেইবোৰ কাৰ্যক্ষম নহয়, আমি লগে লগে সেয়া ব্যৱহাৰ কৰাৰ পৰিকল্পনা বাতিল কৰিলো । বৰ্তমান পৰিস্থিতিত আমি ঘৰুৱাভাৱে টেষ্টিং কীট প্ৰস্তুতৰ কাম চলাইছো ।

আই চি এম আৰে এলিচা টেষ্ট কীট প্ৰস্তুত কৰিছে । এই কীট ৰেপিড এণ্টিবডী টেষ্টিঙৰ বিকল্প হ’ব ।

প্ৰশ্নঃযদিও ইতিমধ্যে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে নিজ নিজ অঞ্চললৈ উভতি যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ পাচত অধিক সংখ্যক লোক ঘৰলৈ উভতি যাব । এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ বা স্বাস্থ্য মন্ত্ৰণালয়ৰ ব্যৱস্থাসমূহ কেনেধৰণৰ হ’ব? কিয়নো বৃহৎ সংখ্যক লোকৰ উপস্থিতিয়ে নিৰ্দিষ্ট ৰাজ্যখনৰ প্ৰতি বিপদ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে ।

উত্তৰঃগৃহ মন্ত্ৰণালয়ে প্ৰয়োজনীয় পৰিকল্পনা কৰিছে । ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, শ্ৰমিক বা আবদ্ধ লোকসকলক নিজ নিজ ৰাজ্যলৈ কেনেদৰে প্ৰেৰণ কৰা হ’ব সেই বিষয়ে গৃহ মন্ত্ৰণালয়ে এক মসৃণ নিৰ্দেশাৱলী পৰিকল্পনা কৰিছে ।

ইয়াৰ জৰিয়তে লাখ লাখ লোকৰ চলাচল হ’ব । স্বাস্থ্য খণ্ডত ইতিমধ্যে অধিক হাৰত বোজা সহিবলগীয়া ৰাজ্যসমূহে আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । আমি যদি সতৰ্কতাৰে সঠিকভাৱে কাম কৰো, আমি নিশ্চয় এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সক্ষম হ’ম ।

প্ৰশ্নঃদেশজুৰি চিকিৎসকসকলে পি.পি.ই কীটৰ অভাৱৰ বিষয়ে কৈ আহিছে । এই অভাৱ দূৰ কৰাৰ বাবে কেনেদৰে চেষ্টা কৰা হৈছে?

উত্তৰঃপ্ৰাৰম্ভিক অৱস্থাত পি.পি.ই কীটৰ অভাৱ আছিল । কিন্তু COVID-১৯ৰ পৰিস্থিতি যেন মেক ইন ইণ্ডিয়া আন্দোলনৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিল । বৰ্তমান প্ৰায় এশটা পৰীক্ষিত আৰু অনুমোদিত উৎপাদনকাৰী প্ৰতিষ্ঠানে প্ৰতি দিনে ৩ লাখ পি.পি.ই কীট প্ৰস্তুত কৰি আহিছে । আমি সকলো কীট ৰাজ্যসমূহক বিতৰণ কৰি আছো । বহুতে সেইসমূহ মজুত কৰি ৰখাত অসুবিধাৰ সন্মুখীন হৈছে । এই সময়ত এয়া এক ডাঙৰ সমস্যা বুলি মই নাভাবো ।

প্ৰশ্নঃব্যক্তিগত পৰীক্ষাগাৰৰ লগতে চৰকাৰে ব্যক্তিগত খণ্ডৰ চিকিৎসা সেৱাক COVID-১৯ বিৰোধী যুঁজত জড়িত কৰোৱাৰ বাবে কেনেদৰে চেষ্টা চলাইছে?

উত্তৰঃপ্ৰথম অৱস্থাতে মই ব্যক্তিগত খণ্ডৰ চিকিৎসক আৰু ব্যক্তিগত হাস্পতালসমূহৰ এছ’চিয়েশ্বনৰ লগত কথা পাতি চৰকাৰক সহায় কৰিবলৈ আহ্বান জনাইছিলো । তেওঁলোকেও ইতিবাচক সঁহাৰি দিছে ।

ব্যক্তিগত খণ্ডৰ প্ৰতি মোৰ অনুৰোধ এয়ে যে, তেওঁলোকৰো এই সংকট কালত বৃত্তিগত আৰু সামাজিক দায়বদ্ধতা আছে । ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে বৰ্তমান সময়ত তেওঁলোকৰ ভূমিকাৰ বিষয়ে অনুধাৱন কৰা উচিত ।

প্ৰশ্নঃভাইৰাছ নিৰ্মূল আৰু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আপুনি কিমান আশাবাদী? দেশবাসীৰ প্ৰতি আপোনাৰ বিশেষ কিবা বাৰ্তা?

উত্তৰঃএটা নহয় আন এটা ৰূপত ভাইৰাছসমূহ আহি থাকিব আৰু মানৱ জাতিক আক্ৰমণ কৰিব । এতিয়ালৈকে সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা মাত্ৰ দুটা ভাইৰাছ আছে—সৰু আই আৰু পলিঅ’ (অন্ততঃ দক্ষিণ-পূব এছিয়াৰ পৰা)। বাকীবোৰ ভাইৰাছ পৃথিৱীত এতিয়াও বৰ্তি আছে । সেইবোৰেই কেতিয়াবা মহামাৰীৰ পৰ্যায়লৈ যায় ।

চৰকাৰে বৰ্তমান COVID-১৯ৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা চলাইছে । ভৱিষ্যতে যদি আমি সামাজিক দূৰত্ব মানি চলো, হাত পৰিস্কাৰ কৰি ৰাখো, উশাহজনিত স্বচ্ছতা আৰু মাস্ক ব্যৱহাৰ কৰো ইয়াৰ ফলত আমাৰ ব্যক্তিগত স্বাস্থ্যৰ অৱস্থা শক্তিশালী কৰাৰ লগতে বহু বেমাৰৰ পৰা ৰক্ষা কৰিব । লক্ ডাউন খোলাৰ পাচত আমি লাহে লাহে আমাৰ অৰ্থনীতি পুনৰ্গঠনৰ বাবে কাম কৰিব লাগিব ।

ABOUT THE AUTHOR

...view details