অসম

assam

ETV Bharat / bharat

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰীৰে সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

অৰুণাচল প্ৰদেশত মুঠ 740 গৰাকী COVID-19 পজিটিভ,ইতিমধ্যে আৰোগ্য লাভ কৰিছে 282গৰাকীয়ে আৰু মহামাৰীৰ ফলত মৃত্যু হৈছে 3 জনৰ। ৰাজধানী চহৰ ইটানগৰত 3 আগষ্টলৈকে অব্যাহত থাকিব লক ডাউন ৷ এইদৰে অৰুণাচলৰ কৰ'ণা বৃত্তান্ত জনালে অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷

By

Published : Jul 20, 2020, 6:27 PM IST

etv-bharat-interview-with-arunachal-pradesh-health-minister
অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰীৰে সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

তেজপুৰ,২০ জুলাইঃকৰ'ণা ভাইৰাছৰ সংক্ৰমণ দৈনিক বৃদ্ধি পাইছে পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত । অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী আলো লিবাঙৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎ কৰাত মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমানলৈকে ৰাজ্য খনত 740 জনলৈ COVID-19 পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ।ইয়াৰ ভিতৰত 282 গৰাকী ইতিমধ্যে সুস্থ হৈ অব্যাহতি লাভ কৰিছে আৰু মৃত্যু হৈছে 3 জন লোকৰ । ৰাজ্য খনৰ দুখন COVID-19 চিকিৎসালয় আছে এখন পূব অৰুণাচলৰ পাছিঘাত আৰু আনখন পশ্চিমে ইটানগৰত নাহৰলাগুণৰ তমো ৰিবা মেমৰিয়েল চিকিৎসালয়ত ।

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰীৰে সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

উল্লেখযোগ্য যে,অৰুণাচল প্ৰদেশত 19 খন সাধাৰণ চিকিৎসালয় আৰু 63 খন কমিউনিটি চিকিৎসালয় আৰু 143 খন প্ৰাইমেৰী উপ স্বাস্থ্য কেন্দ্ৰ আছে ।
কিন্তু শেহতীয়াকৈ ইটানগৰৰ নতুনকৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা বিধায়ক কলনি নতুনকৈ COVID-19ৰ চিকিৎসালয় লৈ ৰূপান্তৰ কৰিবৰ বাবে প্ৰস্তুতি চলাইছে আৰু দুই সপ্তাহৰ ভিতৰতে ই সম্পূৰ্ণ হৈ উঠিব বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে । কিন্তু স্থানীয় ৰাইজৰ অভিযোগ আছিল যে চিম্পুস্থিত এই বিধায়ক কলনি যদি COVID-19ৰ বাবে ৰূপান্তৰ কৰে তেনেহ'লে স্থানীয় লোকৰ মাজত সংক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি পাব,তাৰ বাবে ৰাইজে উক্ত পথ বন্ধ কৰি দিছিল ।
অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ অহা আগষ্ট মাহৰ 3 তাৰিখলৈকে লক ডাউনৰ ব্যৱস্থা কৰা হৈছে,যাতে সামূহিক সংক্ৰমণ বাঢ়ি নাযায় ।
আনহাতে অৰুণাচল প্ৰদেশৰ প্ৰতিটো চেক পোষ্টত ৰেপিডি এন্টিজেন টেষ্ট আৰম্ভ কৰিছে আৰু সকলো জিলালৈ এই কিট প্ৰেৰণ কৰিছে সকলো বাহিৰৰ লোকে এই টেষ্ট কৰাটো বাধ্যতামূলক কৰিছে ৷
আনহাতে অৰ্ধ সামৰিক বাহিনীৰ সকলো লোকে নিজেই কোৱাৰেণ্টাইন হৈ আছে তাৰ কাৰণে সাধাৰণ ৰাইজে চিন্তা কৰিব নালাগে লগতে সেনা বাহিনীয়ে নিজা ধৰণে ব্যৱস্থা গ্ৰহণ কৰি আছে বুলিও মন্তব্য কৰে অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷

অন্য খবৰৰ বাবে পঢ়কঃপুৰুষৰ যৌন ৰোগে প্ৰভাৱ পেলাব পাৰে হৃদযন্ত্ৰত

ABOUT THE AUTHOR

...view details