অসম

assam

ETV Bharat / bharat

ইটিভি ভাৰতলৈ দক্ষিণ এছিয়া ডিজিটেল মিডিয়াৰ সৰ্বশ্ৰেষ্ঠ ডিজিটেল নিউজ ষ্টাৰ্ট আপ বঁটা

ইটিভি ভাৰতলৈ দক্ষিণ এছিয়া ডিজিটেল মিডিয়া বঁটা 2019ৰ সৰ্বশ্ৰেষ্ঠ ডিজিটেল নিউজ ষ্টাৰ্ট আপ বঁটা ৷ ৱৰ্ল্ড এচোছিয়েচন অফ নিউজপেপাৰ এণ্ড পাবলিশ্বাৰচ (ৱান-ইফৰা)ৰ উদ্যোগত নতুন দিল্লীত মঙলবাৰে দুদিনীয়াকৈ আয়োজিত 9 সংখ্যক ডিজিটেল মিডিয়া ইণ্ডিয়া কনফাৰেন্স, 2020 অনুষ্ঠানত এই বঁটা প্ৰদান গ্ৰহণ কৰে ইটিভি ভাৰতৰ সঞ্চালক বিৰাথী চেৰকুৰীয়ে ৷

ETV Bharat bags South Asian Digital Media Award for 'Best Digital News Start-up'
ইটিভি ভাৰতলৈ দক্ষিণ এছিয়া ডিজিটেল মিডিয়াৰ সৰ্বশ্ৰেষ্ঠ ডিজিটেল নিউজ ষ্টাৰ্ট আপ বঁটা

By

Published : Feb 18, 2020, 8:52 PM IST

নেশ্যনেল ডেস্ক, 18 ফেব্ৰুৱাৰীঃ ইটিভি ভাৰতলৈ দক্ষিণ এছিয়া ডিজিটেল মিডিয়া বঁটা 2019ৰ সৰ্বশ্ৰেষ্ঠ ডিজিটেল নিউজ ষ্টাৰ্ট আপ বঁটা ৷ ৱৰ্ল্ড এচোছিয়েচন অফ নিউজপেপাৰ এণ্ড পাবলিশ্বাৰচ (ৱান-ইফৰা)ৰ উদ্যোগত নতুন দিল্লীত মঙলবাৰে দুদিনীয়াকৈ আয়োজিত 9 সংখ্যক ডিজিটেল মিডিয়া ইণ্ডিয়া কনফাৰেন্স, 2020 অনুষ্ঠানত এই বঁটা প্ৰদান গ্ৰহণ কৰে ইটিভি ভাৰতৰ সঞ্চালক বিৰাথী চেৰকুৰীয়ে ৷

ইটিভি ভাৰতলৈ দক্ষিণ এছিয়া ডিজিটেল মিডিয়াৰ সৰ্বশ্ৰেষ্ঠ ডিজিটেল নিউজ ষ্টাৰ্ট আপ বঁটা

আৰম্ভ হোৱাৰ প্ৰথমটো বছৰতে ৰাম’জী গ্ৰুপৰ চেয়াৰমেন ৰাম’জী ৰাওৰ তত্বাৱধানত ডিজিটেল মিডিয়া জগতত ইটিভি ভাৰতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ডিজিটেল নিউজ মাধ্যম হিচাপে সৰ্বশ্ৰেষ্ঠ ৰূপত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে ‘দ্য ৱায়াৰ ইংলিছে’ সৰ্বশ্ৰেষ্ঠ ডিজিটেল নিউজ ষ্টাৰ্ট আপ শাখাৰ সোণৰ পদক লাভ কৰাৰ বিপৰীতে ‘দ্য ফেডাৰেলে’ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে এই শাখাতে ইটিভি ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে ৷ ৱান-ইফৰাই বিশ্বৰ 120 খন দেশৰ 3000তকৈ অধিক প্ৰকাশক গোষ্ঠী আৰু 18,000 প্ৰকাশকৰ প্ৰতিনিধিত্ব কৰে ৷ এই বঁটা স্বীকৃতিপ্ৰাপ্ত ডিজিটেল মিডিয়া আৰু ম’বাইল প্লেটফৰ্ম মাজত প্ৰদান কৰা হয় ৷

ইটিভি ভাৰতলৈ দক্ষিণ এছিয়া ডিজিটেল মিডিয়াৰ সৰ্বশ্ৰেষ্ঠ ডিজিটেল নিউজ ষ্টাৰ্ট আপ বঁটা

উল্লেখ্য যে ইটিভি ভাৰতে 13 চেপ্তেম্বৰ 2019 চনত নেডাৰলেণ্ডৰ আমষ্টাৰডামত ইন্টাৰনেশ্যনেল ব্ৰডকাষ্টিং কনভেনশ্বন 2019ৰ ইনোভেশ্বন বঁটা লাভ কৰিছিল ৷

ইটিভি ভাৰতলৈ দক্ষিণ এছিয়া ডিজিটেল মিডিয়াৰ সৰ্বশ্ৰেষ্ঠ ডিজিটেল নিউজ ষ্টাৰ্ট আপ বঁটা

ফেচবুক, ডাচ্চ টেলিকমকে ধৰি 180 টা প্ৰতিযোগীৰ ভিতৰত ইটিভি ভাৰতে ইন্টাৰনেশ্যনেল ব্ৰডকাষ্টিং কনভেনশ্বনৰ সৰ্বশ্ৰেষ্ঠ ‘নিউজ এপ’ হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে ৷ ইটিভি ভাৰত 2019 বৰ্ষৰ 20 মাৰ্চত শুভাৰম্ভণি কৰা হৈছিল ৷ ই দেশৰ পৰ্টেল সমূহৰ ভিতৰত এক অন্যতম বিশাল ডিডিঅ’ কেন্দ্ৰীক ম’বাইল এপৰূপে সাংবাদিকতা সেৱা আগবঢ়াই আছে ৷ ইটিভি ভাৰত সমগ্ৰ ভাৰতৰ 13 টা ভাষাক সাঙুৰি 28 খন ৰাজ্যক প্ৰতিনিধিত্ব কৰে ৷ ই অনৈক্যৰ মাজত ঐক্যতাৰ এক সুন্দৰ দৃষ্টান্ত দাঙি ধৰিছে ৷

আৰু পঢ়কঃফিল্মফেয়াৰৰ পিছত গুৱাহাটীত ক্ৰীড়াজগতৰ মহা বঁটা প্ৰদান অনুষ্ঠান

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details