নিউড ডেস্ক , 14 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে সামৰণি পৰিব কেইবাখনো ৰাষ্ট্ৰৰ 25 জন ৰাষ্ট্ৰদূতৰ দুদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণসূচী ৷ তথ্য মতে , ৰাষ্ট্ৰদূতৰ দলটোৱে শুকুৰবাৰে জম্মু-কাশ্মীৰত ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত দোভালক সাক্ষাৎ কৰিব ৷ বৃহস্পতিবাৰে বিদেশী কুটনীতিবিদৰ দলটোৱে বাদামী বাগস্থিত সেনা বাহিনীৰ 15 নম্বৰ কৰ্পচ হেডকোৱাৰ্টাত সাক্ষাৎ কৰে GOC লেফটেনেণ্ট জেনেৰেল জে এচ ধিলনক ৷ সেনা বিষয়া গৰাকীয়ে কূটনীতিবিদৰ দলটোৰ সমুখত জম্মু-কাশ্মীৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ তথা ৰাজ্যখনৰ সুৰক্ষা ব্যৱস্থা সুস্থিৰ কৰি ৰখাৰ স্বাৰ্থত সেনা বাহিনীয়ে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত বাখ্যা আগবঢ়ায় ৷ জম্মু-কাশ্মীৰৰ লেফটেণেণ্ট গৱৰ্ণৰ গিৰিশ চন্দ্ৰ মূৰ্মূ আৰু প্ৰধান সচিৱ বিভিআৰ সুভ্ৰমনিয়াম লগতে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গীতা মিট্টালকো সাক্ষাৎ কৰে দলটোৱে ৷
শুকুৰবাৰে অন্ত পৰিল বিদেশী প্ৰতিনিধি দলৰ জম্মু-কাশ্মীৰ ভ্ৰমণ কাৰ্যসূচী - বিদেশী প্ৰতিনিধি দলৰ জম্মু-কাশ্মীৰ ভ্ৰমণ
দুজনকৈ প্ৰাক্তন মুখ্যমন্ত্ৰীক আটক কৰি ৰখাৰ সময়তেই 25 জনীয়া বিদেশী প্ৰতিনিধিৰ দলে ভ্ৰমণ কৰি গ’ল জম্মু-কাশ্মীৰ ৷ পাঁচ মাহৰ ভিতৰত সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ বাবে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিলে তিনিটাকৈ বিদেশী প্ৰতিনিধিৰ দলে ৷
উল্লেখযোগ্য যে , 2019 চনৰ 5 আগষ্টত অনুচ্ছেদ 370 আৰু 35A বাতিল কৰাৰ পাছত বিদেশী ৰাষ্ট্ৰদূত প্ৰতিনিধি দলৰ এইটো তৃতীয়টো জম্মু-কাশ্মীৰ ভ্ৰমণসূচী ৷ ইয়াৰ পূৰ্বে 2019 চনৰ অক্টোবৰ মাহৰ 29 তাৰিখে ইউৰোপ মহাদেশৰ 23 জনীয়া এটা প্ৰতিনিধিৰ দলে জম্মু কাশ্মীৰ সামগ্ৰিক পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে প্ৰদেশখন ভ্ৰমণ কৰিছিল ৷ আনহাতে , 2020 চনৰ জানুৱাৰী মাহৰ 9 তাৰিখে 15 জনীয়া দ্বিতীয়টো প্ৰতিনিধিৰ দলে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰি প্ৰদেশখনৰ সামগ্ৰিক পৰিস্থিতি অধ্যয়ণৰ বাবে বহু কেইজন নিৰ্বাচিত বিষয়া আৰু সাংবাদিকক সাক্ষাৎ কৰিছিল ৷ লক্ষ্যণীয় যে , প্ৰদেশখনৰ পৰিস্থিতিৰ বুজ ল’বলৈ বিদেশী প্ৰতিনিধিৰ দলে প্ৰদেশখন ভ্ৰমণ কৰাৰ সময়তেই Public Safety Act ৰ অধীনত চৰকাৰে আটক কৰি ৰাখিছে ৰাজ্যখনৰ দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহ আৰু মেহবুবা মুফটিক ৷
লগতে পঢ়কঃপুলবামাৰ প্ৰতিজন বীৰ জোৱানলৈ দেশবাসীৰ সশ্ৰদ্ধ প্ৰণাম..