অসম

assam

ETV Bharat / bharat

মেডিকেল অক্সিজেনৰ যোগান অব্যাহত ৰাখিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ - মেডিকেল অক্সিজেনৰ যোগান শৃংখলা

লকডাউনৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰ সমান্তৰালভাৱে মেডিকেল অক্সিজেনৰ যোগান মজুত ৰাখিবলৈ বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷

মেডিকেল অক্সিজেনৰ যোগান অব্যাহত ৰাখিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ
মেডিকেল অক্সিজেনৰ যোগান অব্যাহত ৰাখিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ

By

Published : Apr 7, 2020, 10:10 AM IST

নিউজ ডেস্ক, 7 এপ্ৰিলঃকেন্দ্ৰীয় চৰকাৰে কোভিড-19 মহামাৰীৰ সময়ত ৰাজ্য চৰকাৰ সমূহৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পৰ্যাপ্ত পৰিমানে মেডিকেল অক্সিজেনৰ যোগান মজুত ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই দেশৰ সকলো ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা এক পত্ৰযোগে এই কথা নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷

"দেশৰ অত্যাৱশ্যকীয় মেডিকেল সামগ্ৰী সূচী আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ অত্যাৱশ্যকীয় সূচীৰ তালিকাত মেডিকেল অক্সিজেন সন্নিৱিষ্ট আছে আৰু কোভিড-19 মহামাৰীৰ সময়ত দেশত এই সামগ্ৰী পৰ্যাপ্ত পৰিমানে মজুত থকাটো অতিকে জৰুৰী ৷" বুলি কয় ভাল্লাই ৷

লকডাউনৰ সময়ত জাৰী কৰা ৰেহাইৰ ওপৰতো ভাল্লাই মন্তব্য কৰে ৷ সেই অনুসৰি, মেডিকেল অক্সিজেন গেছ নাইবা লিকুইড, মেডিকেল অক্সিজেন চিলিণ্ডাৰ, লিকুইড অক্সিজেন জমা কৰি ৰখা ক্ৰায়োজেনিক টেংক, লিকুইড ক্ৰায়োজেনিক চিলিণ্ডাৰ, লিকুইড অক্সিজেন ক্ৰায়োজেনিক ট্ৰান্সপোৰ্ট টেংক, এমবিয়েন্ট ভাপোৰাইছাৰ আৰু ক্ৰায়োজেনিক ভালভ্, চিলিণ্ডাৰ ভালভ্ আৰু অন্যান্য সামগ্ৰীৰ ওপৰত বিশেষ ৰেহাই প্ৰদান কৰা হৈছে ৷

গৃহ সচিবগৰাকীয়ে এইসমূহ সামগ্ৰীৰ পৰিবহনত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অধিক গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশনা আগবঢ়ায় ৷ এই সন্দৰ্ভত ৰাজ্যমূহৰ মাজত পাৰস্পৰিক সহযোগিতাৰ বাবে এপ্ৰিলৰ 3 তাৰিখে এক বিজ্ঞপ্তি জাৰী কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ আনহাতে এইসমূহ কাম কৰোতে ব্যক্তিগত পৰিচ্ছন্নতা আৰু সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ কাঢ়া নিৰ্দেশনা প্ৰদান কৰা হৈছে বুলিও উল্লেখ কৰে ভাল্লাই ৷

ABOUT THE AUTHOR

...view details