অসম

assam

ETV Bharat / bharat

সন্মুখৰ পৰা যুঁজ দিয়া কৰ্মীৰ বাবে সুৰক্ষা,অপৰাধীৰ বাবে কঠোৰ শাস্তিঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়

বুধবাৰে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে দেশৰ হকে সন্মুখৰ পৰা যুঁজ দিয়া সকলো স্বাস্থ্য কৰ্মচাৰী আদিকে ধৰি সকলোৰে সুৰক্ষাৰ প্ৰতি ৰাজ্য সমূহক সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ।

Ensure security of frontline workers and take strict action against offenders: MHA
সন্মুখৰ পৰা যুঁজ দিয়া কৰ্মীৰ বাবে সুৰক্ষা,অপৰাধীৰ বাবে কঠোৰ শাস্তিঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়

By

Published : Apr 23, 2020, 1:32 PM IST

Updated : Apr 23, 2020, 1:58 PM IST

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক বুধবাৰে COVID-১৯ৰ বিৰুদ্ধে যুঁজ দিয়া যোদ্ধা সকলক বাধা প্ৰদান কৰা অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে । কাৰণ COVID-১৯ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দি অহা বহু যোদ্ধাক বিভিন্ন স্থানত আক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পাচতেই কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । লগতে যোদ্ধা সকলৰ সুৰক্ষাৰ সকলো যাৱতীয় দিশ চোৱাৰ নিৰ্দেশ দিয়া হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক ।

ৰাজ্যৰ মুখ্য সচিব সমূহলৈ লিখা পত্ৰখনত গৃহ সচিব অজয় কুমাৰ ভাল্লাই উল্লেখ কৰিছে যে,দেশৰ কিছু কিছু প্ৰান্তত বহু লোকৰ দ্বাৰা অভৱ্য আচৰণৰ ঘটনা পোহৰলৈ আহিছে । য'ত COVID-১৯ ৰ দ্বাৰা মৃত্য়ু হোৱা বুলি সন্দেহ কৰা চিকিৎসা সেৱাত নিয়োজিত পৰিয়াল আৰু আত্মীয়ক শেষকৃত্য সম্পাদন কৰাৰ পৰা বিৰত থাকিবলৈ দিয়া হৈছে ।

এনে ধৰণৰ ঘটনা সন্দৰ্ভত উপযুক্ত সুৰক্ষা ব্যৱস্থা নিৰূপণ কৰাৰ লগতে চিকিৎসা সেৱাত নিয়োজিত লোক,সন্মুখৰ পৰা যুঁজ দিয়া স্বাস্থ্য় কৰ্মী ইত্যাদিৰ শেষকৃত্যত বাধা প্ৰদানকাৰী অপৰাধীৰ বিৰুদ্ধে বিহিত ব্য়ৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰা হৈছে ।

ইয়াৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে জিলা ভিত্তিক স্তৰত ন'ডেল বিষয়াক নিযুক্ত কৰাৰ পোষকতা কৰা হৈছে । তেওঁলোকে শীঘ্ৰেই হিংসাত্মক ঘটনা সংঘটিত হ'লে কাম কৰিবলৈ সক্ষম হ'ব বুলি কয় ।

Last Updated : Apr 23, 2020, 1:58 PM IST

ABOUT THE AUTHOR

...view details