অসম

assam

ETV Bharat / bharat

31 জুলাইতে প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকা - এন আৰ চি

নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে নিৰ্ধাৰণ কৰা 31 জুলাইৰ দিনটো অপৰিৱৰ্তিত হৈ থাকিব ৷ কিন্তু ইয়াৰ বাবে শুনানিৰ প্ৰক্ৰিয়াত গাফিলতি উচিত নহয় ৷ এন আৰ চিৰ নিকা প্ৰক্ৰিয়াৰ বাবে নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ৷

COORDINATOR

By

Published : May 30, 2019, 2:43 PM IST

Updated : May 30, 2019, 5:20 PM IST

নতুন দিল্লী,30 মে': নিৰ্ধাৰিত দিনতে প্ৰকাশ পাব নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ৷ প্ৰক্ৰিয়া খৰতকীয়া হ'বলৈ কৰিব নোৱাৰিব শুনানি প্ৰক্ৰিয়াত অৱহেলা ৷ প্ৰতীক হাজেলাক নাগৰিকপঞ্জীৰ শুনানি প্ৰক্ৰিয়া শুদ্ধ আৰু নিকা কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৷


উচ্চতম ন্যায়ালৰ ৰঞ্জন গগৈৰ নেতৃত্বৰ এক বিচাৰপীঠে প্ৰদান কৰে এই নিৰ্দেশ ৷ বিচাৰপীঠে প্ৰকাশ কৰা অনুসৰি নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে নিৰ্ধাৰণ কৰা 31 জুলাইৰ দিনটো অপৰিৱৰ্তিত হৈ থাকিব ৷ কিন্তু ইয়াৰ বাবে শুনানিৰ প্ৰক্ৰিয়াত গাফিলতি উচিত নহয় ৷

আনহাতে বিদেশী ন্যায়াধিকৰণৰ বিচাৰ প্ৰক্ৰিয়াত যিকোনো ন্যায়িক অভিজ্ঞতা থকা অসামৰিক বিষয়াই ন্যায়াধিকৰণৰ দায়িত্ব ল'ব পাৰিব ৷ আদালতৰ বন্ধৰ সময়চোৱাত যিকোনো সময়তে এন আৰ চি সম্পৰ্কীয় বিষয়ত আদালতৰ কাষ চপাৰ স্বাধীনতা প্ৰতীক হাজেলাক প্ৰদান কৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৷

Last Updated : May 30, 2019, 5:20 PM IST

ABOUT THE AUTHOR

...view details