ৰিংকি শৰ্মা ,মুৰব্বী,কনজিউমাৰ ভইছ
পথ সুৰক্ষা এটা প্ৰধান সমস্যা হিচাপে পৰিগণিত হৈ আহিছে ৷ সমগ্ৰ বিশ্বজুৰি সমূহীয়া জনস্বাস্থ্যৰ প্ৰতি ই এক উদ্বিগ্নতা আৰু মৃত্যু আৰু আঘাতৰ এক অন্যতম প্ৰধান কাৰণ হিচাপে দেখা দি আহিছে ৷ ইয়াৰ ফলতেই সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে ১.৩৫ মিলিয়নতকৈও অধিক লোকৰ মৃত্যু হয় ৷ আনহাতে ভাৰতত মৃত্যু হয় ১.৩৫ লাখ লোকৰ ৷ লগতে প্ৰতি দিনে মৃত্যু হয় চাৰি শতকৈও অধিক লোকৰ ৷ বিশ্ব স্বাস্থ্য সন্থা (WHO) ৰ অনুমান অনুসৰি প্ৰত্যেক বছৰে পথ দুৰ্ঘটনাত সমগ্ৰ বিশ্বজুৰি মৃত্যু ঘটা ১.৩৫ মিলিয়ন লোকৰ ভিতৰত ভাৰতত মৃত্যত হোৱা লোকৰ হাৰ হ’ল প্ৰায় ১১ শতাংশ ৷
ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ( ১৮ জানুৱাৰী-১৭ ফেব্ৰুৱাৰী) শুভাৰম্ভণি কৰি পথ পৰিবহণ আৰু পথ পৰিবহণ তথা ৰাষ্ট্ৰীয় ঘাই পথ আৰু এম এচ এম ইৰ মন্ত্ৰী শ্ৰী নিতিন গাডকাৰীয়ে জনগণৰ জীৱনক সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব ক্ষীপ্ৰতাৰে সমাপন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে প্ৰতি দিনে ভাৰতত ৪১৫ জন লোকৰ পথ দুর্ঘটনাত মৃত্যু হয় ৷ উল্লখ্য যে নিতিন গাডকাৰীৰ সৈতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উন্মোচন কৰা পথ সুৰক্ষা মাহত ৰাজ্যিক পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাই পথ মন্ত্ৰী অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিং আৰু নিটি আয়োগৰ চি ই অ’ অমিতাভ কান্টো উপস্থিত আছিল ৷
সন্মানীয় মন্ত্ৰী শ্ৰীযুত গাডকাৰীয়ে বিশেষভাৱে জোৰ দি কয় যে যদি “আমি ২০৩০ লৈকে ৰৈ থাকো তেনেহ’লে পথ দুৰ্ঘটনাত অন্তঃত ৬-৭ লাখ লোকে প্ৰাণ হেৰুৱাব ৷ ২০২৫ চনৰ পূৰ্বেই দেশে পথ দুৰ্ঘটনা সমূহ ৫০ শতাংশ হ্ৰাস কৰিবলৈ সক্ষম হ’ব ৷ “
২০১৯ চনৰ পথ দুৰ্ঘটনাৰ প্ৰতিবেদন অনুযায়ী ২০১৯ চনৰ ভিতৰত দেশত ৪,৪৯,০০২ টা পথ দুৰ্ঘটনা সংঘতিত হৈছে, য’ত ১,৫১,১১৩ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু আঘাতপ্ৰাপ্ত হৈছে প্ৰায় ৪,৫১,৩৬১ জন লোক ৷
পথ দুৰ্ঘটনাত মৃত্যু হোৱা মুঠ মৃতকসকলৰ ভিতৰত ১৮-৬০ বছৰ বয়সীয়া কৰ্মজীৱি সকলৰ সংখ্যা হ’ল ৮৪ শতাংশ ৷ সহজতে বিপদৰ সন্মুখীন হ’ব পৰা পথ ব্যৱহাৰকাৰী সকল যেনে পথচাৰী,চাইকেল আৰোহী আৰু দুচকীয়া বাহন চালকসকলৰ সংখ্যা হৈছে মুঠ হতাহত সকলৰ ৫৪ শতাংশ ৷
পথ সুৰক্ষাৰ ক্ষেত্ৰত বিগত বহু বছৰ ধৰি উল্লেখনীয় কাম কৰি থকা তথা পথ সুৰক্ষা নেটৱৰ্কৰ এক অংশ অসামৰিক সামাজিক সন্থা ‘কমজিউমাৰ ভইছ’ৰ চি অ’ অ’ শ্ৰী অসীম সান্যালে কয় যে “পথ সুৰক্ষা হ’ল চৰকাৰ আৰু নাগৰিকৰ এক সামগ্ৰিক দায়িত্ৱ ৷ কিয়নো পথ দূৰ্ঘটনাত প্ৰত্যেক চাৰি মিনিটৰ মূৰে মূৰে একোজন ব্যক্তিৰ মৃত্যু ঘটে ৷ সেয়ে সৰুৱেই হওক বা ডাঙৰেই হওক, এই ক্ষেত্ৰত লোৱা প্ৰতিটো পদক্ষেপেই গুৰুত্বপূৰ্ণ ৷ কাৰণ প্ৰত্যেকৰেই জীৱন মূল্যৱান ৷
বিভিন্ন বিপদ শংকুল ক্ষেত্ৰসমূহ
হেলমেট
হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলোৱাৰ ফলত ২০১৯ চনৰ কালচোৱাত মুঠ ৪৪,৬৬৬ জন লোকৰ মৃত্যু ঘটিছে আৰু এই সংখ্যা হৈছে দেশত পথ দুৰ্ঘটনাত নিহত হোৱা মুঠ পৰিমাণৰ ২৯.৮২ শতাংশ ৷ উল্লেখ্য যে মন্ত্ৰালয়ৰ তথ্য অনুসৰি পথ দুৰ্ঘটনাত নিহত হোৱা ৩০,১৪৮ গৰাকী দুচকীয়া বাহন আৰোহীৰ তথ্যও ইয়াত সম্বলিত হৈ আছে ৷
দুচকীয়া বাহন আৰোহী সকলৰ বাবে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা, আহত হোৱা আৰু পংগু হ’ব লগীয়া হোৱাৰ অন্যতম কাৰণ হ’ল মূৰত আঘাত পোৱাটো ৷ মন কৰিব লগীয়া কথাটো হ’ল যে এক বৃহৎ সংখ্যক দুচকীয়া বাহন আৰোহীয়ে হেলমেট পৰিধান নকৰে আৰু যি সকলে কৰে সেই সকলেও তেনেই নিম্ন মানৰ হেলমেটহে ব্যৱহাৰ কৰে ৷ মূৰত আঘাত পোৱা বহু সংখ্যক ভুক্তভোগীৰে আঘাতক কোনো উচ্চ মানৰ লগতে কম মূল্যৰ হেলমেটৰ ব্যৱহাৰেৰে প্ৰতিহত কৰিব পৰা গ’লহেতেন নাইবা তেওঁলোকৰ আঘাতৰ মাত্ৰা বহুগুণে কমাব পৰা গ’লহেতেন ৷