অসম

assam

ETV Bharat / bharat

পুলৱামাৰ সংঘৰ্ষস্থলীত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ - encounter

জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাত নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে আৰক্ষীয়ে উক্ত অঞ্চলৰ পৰা দুটা এ.কে চিৰিজৰ ৰাইফল আৰু এটা পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষয় হয়।

পুলৱামা এনকাউণ্টাৰ
Encounter in Pulwama over, Arms recovered

By

Published : Jun 26, 2020, 7:08 PM IST

নিউজ ডেস্ক, ২৬ জুন : জম্মু-কাশ্মীৰৰ পুলৱামাৰ অৱান্তিপাৰাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় সন্ত্ৰাসবাদী। উক্ত অঞ্চলত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পাছত শুকুৰবাৰে পুৱাৰে পৰা অঞ্চলটোত নিৰাপত্তাৰক্ষীয়ে চলাইছিল সন্ত্ৰাসবাদী বিৰোধী অভিযান।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ইতিমধ্যে অন্ত পৰিছে নিৰাপত্তাৰক্ষীৰ এই অভিযান। অভিযানৰ অন্তত সেনাই অৱন্তীপুৰাৰ চেৱা অঞ্চলৰ পৰা দুটা এ.কে চিৰিজৰ ৰাইফল আৰু এটা পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষয় হয়।

পুলৱামা এনকাউণ্টাৰঃ ঘটনাস্থলীত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত তিনিজন সন্ত্ৰাসবাদী নিহত হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বৃহস্পতিবাৰেও নিৰাপত্তাৰক্ষীৰে সৈতে হোৱা সন্ত্ৰাসবাদীৰ সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হৈছিল।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ ১৫ জুনলৈকে জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে ৯৪ জনকৈ সন্ত্ৰাসবাদী। এইসকলৰ ভিতৰত আছে সন্ত্ৰাসবাদীৰ সংগঠনৰ শীৰ্ষ সদস্যও ৷

লগতে পঢ়ক :জম্মু কাশ্মীৰত নিহত তিনি সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details