অসম

assam

By

Published : Oct 28, 2020, 6:42 AM IST

ETV Bharat / bharat

সেনাৰ সৈতে সংঘৰ্ষত নিহত দুই অচিনাক্ত সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ বাদগাম জিলাত যোৱা নিশা হোৱা এক সংঘৰ্ষত দুই সন্ত্ৰাসবাদী নিহত হয় ৷ সেনাৰ গুলিত নিহত হোৱা সন্ত্ৰাসবাদী দুটা এতিয়ালৈকে চিনাক্ত হোৱা নাই ৷

সেনাৰ সৈতে সংঘৰ্ষত নিহত দুই অচিনাক্ত সন্ত্ৰাসবাদী
সেনাৰ সৈতে সংঘৰ্ষত নিহত দুই অচিনাক্ত সন্ত্ৰাসবাদী

নিউজ ডেস্ক, 28 অক্টোবৰ :কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, যোৱা নিশাৰে পৰা চলি থকা এক সংঘৰ্ষত দুই সন্ত্ৰাসবাদী নিহত হৈছে ৷ জম্মু-কাশ্মীৰৰ বাদগামত যোৱা নিশাৰ সেনা, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ সংযুক্ত অভিযানকাৰী দলৰ সৈতে সংঘৰ্ষত লিপ্ত হয় সন্ত্ৰাসবাদীৰ এটা দল ৷ এই অভিযানৰ সময়তে সেনাৰ গুলিত দুয়োটা সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

বাদগাম জিলাৰ অৰিবাগ মৌচাত এই সংঘৰ্ষৰ সূত্ৰপাত ঘটে ৷ ওৰে নিশা হোৱা তুমুল গুলিয়াগুলিৰ অন্তত ৰাতিপুৱাৰ ভাগত দুটাকৈ সন্ত্ৰাসবাদীৰ মৃতদেহ প্ৰত্যক্ষ কৰে অভিযানকাৰী দলে ৷ ঘটনাস্থলীত অধিক বাহিনী মোতায়েন কৰি তালাচী অভিযান চলাই থকা হৈছে ৷ সন্দেহ কৰা হৈছে অঞ্চলটোত আৰু সন্ত্ৰাসবাদী লুকাই আছে ৷ এনে অৱস্থাত সেনা আৰু অৰ্ধসামৰিক বাহিনীয়ে বৰ্তমানো অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকাৰে মুম্বাইত হাই এলাৰ্ট জাৰি

ABOUT THE AUTHOR

...view details