অসম

assam

By

Published : Oct 10, 2020, 7:06 AM IST

ETV Bharat / bharat

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত লিপ্ত সন্ত্ৰাসবাদী

শনিবাৰে ৰাতিপুৱাৰ ভাগত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত লিপ্ত হয় সন্ত্ৰাসবাদীৰ এটা দল ৷ জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সংঘটিত হোৱা সংঘৰ্ষ বৰ্তমানো অব্যাহত আছে ৷

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত লিপ্ত সন্ত্ৰাসবাদী
জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত লিপ্ত সন্ত্ৰাসবাদী

নিউজ ডেস্ক, 10 অক্টোবৰ :জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ চিনগুম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হয় ভয়ংকৰ গুলিয়াগুলিৰ ঘটনা ৷ শনিবাৰে ৰাতিপুৱাৰ ভাগত সংঘটিত হোৱা এই সংঘৰ্ষ বৰ্তমানো অব্যাহত আছে ৷

কাশ্মীৰ আৰক্ষীয়ে টুইট কৰি এই কথা জনাইছে ৷ অঞ্চলটোত বহুকেইটা সন্ত্ৰাসবাদী লুকাই থকাৰ তথ্য লাভ কৰে সেনাৰ চোৰাংচোৱাই ৷ পৰৱৰ্তী সময়ত তেওঁলোকক বিচাৰি অভিযান আৰম্ভ কৰাৰ সময়তে গুলিয়াগুলিৰ ঘটনা সংঘটিত হয় ৷

ইতিমধ্যে সেনা, নিৰাপত্তাৰক্ষী আৰু আৰক্ষীৰ দলে সমগ্ৰ অঞ্চলটো ঘেৰি লৈ থকাৰ লগতে অঞ্চলটো খালী কৰি দিছে ৷ বাতৰি লিখাৰ পৰলৈকে হতাহতৰ কোনো তথ্য অহা নাই ৷

লগতে পঢ়ক :ৰাজৌৰিৰ মৃত যুৱকৰ পৰিয়ালক সাক্ষাৎ গৱৰ্ণৰ মনোজ সিন্হাৰ

ABOUT THE AUTHOR

...view details