নিউজ ডেস্ক ,১৮ জুনঃ বৃহস্পতি বাৰে পুনৰ জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ পাম্পৰত সন্ত্রাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰে আৰক্ষীয়ে । দক্ষিণ কাশ্মীৰত বৃহস্পতিবাৰে ৰাতিপুৱা সময়ত বিশেষ সূত্রৰ পৰা খবৰ পাই সেনাই পুলৱামা জিলাত সন্ত্রাসবাদী কেইটা আত্মগোপন কৰি থকা স্থানত অভিযান চলাই ।
পুলৱামাত সন্ত্রাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত সংঘৰ্ষ
বিগত কেইমাহ মানৰ পৰাই জম্মু কাশ্মীৰৰ পুলৱামা জিলাত ভাৰতীয় সেনাই সন্ত্রাসবাদীৰ বিৰুদ্ধ অভিযান অব্যাহত ৰাখিছে । বৃহস্পতিবাৰে পুুৱা পুনৰ সন্ত্রাসবাদী আৰু সেনাৰ মাজত সংঘৰ্ষ হয় ।
পুলৱামাত সন্ত্রাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত সংঘৰ্ষ
উল্লেখযোগ্য যে, ঘটনাস্থলীত সেনা উপস্থিত হোৱা দেখি সন্ত্রাসবাদী কেইটাই প্ৰথমে গুলীয়াবলৈ আৰম্ভ কৰাৰ ফলত সেনা আৰু আৰক্ষীৰ মাজত গুলীয়া-গুলী আৰম্ভ হয় । বৰ্তমানলৈকে কোনো ধৰণৰ হতাহত হোৱাৰ খবৰ অহা নাই বুলি আৰক্ষীয়ে উল্লেখ কৰিছে আৰক্ষীয়ে ।
লগতে পঢকঃ 4G আপগ্ৰেডৰ সময়ত BSNL এ ব্যৱহাৰ কৰিব নোৱাৰিব চীনা টেলিকম সামগ্ৰী