অসম

assam

ETV Bharat / bharat

জম্মুৰ ত্ৰাল অঞ্চলত বিগত ২৪ ঘণ্টাত দ্বিতীয়টো গুলীবৰ্ষণৰ ঘটনা - গুলীবৰ্ষণৰ ঘটনা

মঙলবাৰে জম্মু-কাশ্মীৰৰ ত্ৰালৰ বিলালাবাদ অঞ্চলত পনুৰ গুলীবৰ্ষণৰ ঘটনা । আৰক্ষী আৰু সেনা বাহিনীয়ে যৌথভাৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত সংঘটিত হয় এই সংঘৰ্ষৰ । বিগত ২৪ ঘণ্টাত অঞ্চলটোত এয়া দ্বিতীয়টো গুলীবৰ্ষণৰ ঘটনা বুলিও সদৰি কৰে আৰক্ষীয়ে । মঙলবাৰৰ এই সংঘৰ্ষত দুইৰ পৰা কমেও তিনিজন সন্ত্ৰাসবাদী নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে ।

জম্মু
জম্মুৰ ত্ৰাল অঞ্চলত বিগত ২৪ ঘণ্টাত দ্বিতীয়টো গুলীবৰ্ষণৰ ঘটনা

By

Published : Jul 1, 2020, 7:30 AM IST

Updated : Jul 1, 2020, 3:56 PM IST

নিউজ ডেস্ক, ১ জুলাইঃএইবাৰ জম্মু-কাশ্মীৰৰ বিলালাবাদ অঞ্চলত সংঘটি গুলীবৰ্ষণৰ ঘটনা । মঙলবাৰে পুনৰ আৰক্ষী আৰু সেনা বাহিনীৰ অভিযানতে সন্ত্ৰাসবাদীৰ সৈতে গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে জম্মু আৰক্ষীয়ে । মঙলবাৰৰ সংঘটিত হোৱা এই সংঘৰ্ষত কমেও দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদী নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

জম্মুৰ ত্ৰাল অঞ্চলত বিগত ২৪ ঘণ্টাত দ্বিতীয়টো গুলীবৰ্ষণৰ ঘটনা

জম্মু আৰক্ষীৰ ভাষ্য অনুসৰি, জম্মুৰ অবন্তিপুৰত আৰক্ষীয়ে আৰম্ভ কৰা অভিযানৰ সময়তে সংঘটিত হয় গুলীবৰ্ষণৰ ঘটনা । এই অভিযানত অৱন্তিপুৰ আৰক্ষীৰ সৈতে স্থানীয় সেনা বাহিনীৰ এটা দলো উপস্থিত থকা বুলি উল্লেখ কৰে । তাৰোপৰি বিগত ২৪ ঘণ্টাত দ্বিতীয়টো আৰু বিগত ৪৮ ঘণ্টাত তৃতীয়টো গুলীবৰ্ষণৰ ঘটনা বুলিও জানিবলৈ দিয়ে জম্মু-কাশ্মীৰৰ আৰক্ষী বিষয়া দিলবাগ সিঙে ।

আনহাতে, ইয়াৰ ৩ দিন পূৰ্বে আৰক্ষী আৰক্ষী আৰু সেনা বাহিনীয়ে চলোৱা যৌথ অভিযানত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত এজন চিআৰপিএফ জোৱান আৰু এটা শিশুক হত্যা কৰাৰ অভিযোগত দুজনকৈ সন্ত্ৰাসবাদীক ঘটনাস্থলীতে গুলীয়াই বুলিও সদৰি কৰে জম্মু আৰক্ষীয়ে ।

লগতে চাওকঃ পাঁচ মাহৰ অন্তঃসত্বা কিশোৰীক গৰ্ভপাত কৰাৰ অপচেষ্টা

Last Updated : Jul 1, 2020, 3:56 PM IST

ABOUT THE AUTHOR

...view details