নেশ্যনেল ডেস্ক, ১৯ মে': মঙলবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সংঘটিত সেনা আৰু উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত এজন উগ্ৰপন্থী নিহত হয় ।
শ্ৰীনগৰৰ কানেমাজাৰৰ নাৱাকাডাল অঞ্চলত এই সংঘৰ্ষ সংঘটিত বুলি, কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে ।

এই অঞ্চলটোত উগ্ৰপন্থীয়ে বাহৰ পাতি আছে বুলি খবৰ লাভ কৰে আৰু তাৰ পিচতেই সুৰক্ষা বাহিনীৰ লোকে অনুসন্ধান অভিযান চলায় ।
সতৰ্কতামূলক ব্যৱস্থা হিচাপে নগৰখনত বিএছএনএল পোষ্টপেইডৰ বাহিৰে আন সকলো মোবাইল সেৱাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে ।