নিউজ ডেস্ক, ২২ এপ্ৰিলঃসমগ্ৰ বিশ্বই কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে ভাৰতীয় স্থলসেনাৰ সন্মুখত প্ৰত্যাহ্বান হৈ ঠিয় দিছে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ দল। লক ডাউনৰ সুবিধা লৈ চিৰাচৰিত নীতিৰে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে চলাই গৈছে ছাঁয়া-যুদ্ধ । নিয়ন্ত্ৰণৰেখাত বাৰে বাৰে যুদ্ধ বিৰতি উলংঘণ কৰি ভাৰতক অশান্ত কৰি তুলিবলৈ ঠেলি দিছে সন্ত্ৰাসবাদীৰ দল। কোভিড-১৯ মহামাৰীৰ লক ডাউনৰ মাজতে স্থল সেনাৰ সৈতে হোৱা সংঘৰ্ষত বহুকেইজন সন্ত্ৰাসবাদী ইতিমধ্যে নিধন হৈছে ।
শেহতীয়াকৈ মঙলবাৰে স্থল সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হয় সন্ত্ৰাসবাদীৰ দল। জম্মু-কাশ্মীৰৰ ছোপিয়ান জিলাৰ মেলহোৰা অঞ্চলত সূত্ৰপাত হয় সংঘৰ্ষৰ । সেনাৰ চোৰাংচোৱাই অঞ্চলটোত বহুকেইজন সন্ত্ৰাসবাদী লুকাই থকাৰ তথ্য লাভ কৰে । পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদীৰ দলটোৰ বিৰুদ্ধে স্থল সেনাই অন্যান্য অভিযানকাৰী দলসমূহৰ সৈতে একেলগে অভিযান আৰম্ভ কৰে। অভিযানৰ সময়তে সেনাৰ দলটোলৈ বুলি গুলিচালনা কৰে সন্ত্ৰাসবাদীৰ দলটোৱে । ইতিমধ্যে এই সংঘৰ্ষ অব্যাহত আছে আৰু সমগ্ৰ অঞ্চলটোত দুইৰ পৰা তিনিগৰাকী সন্ত্ৰাসবাদী আবদ্ধ হৈ পৰা বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে ।