পাটনা ,19 জুন : বিহাৰত 'একিউট এনকেফেলাইটিছ'ত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা 157 লৈ বৃদ্ধি ৷ ৰাজ্যখনত প্ৰায় 1 ৰ পৰা 10 বছৰৰ বয়সৰ শিশুসকল এই ৰোগত আক্ৰান্ত হৈছে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে ৷চিকিৎসকে অত্যধিক গৰমৰ ফলতে শিশুসকল এই ৰোগত আক্ৰান্ত হৈছে বুলি প্ৰকাশ কৰিছে ৷
বিহাৰত মহামাৰীৰ ৰূপত এনকেফেলাইটিছ ,157 শিশুৰ মৃত্যু - পাটনা
ৰাজ্যখনত প্ৰায় 1 ৰ পৰা 10 বছৰৰ বয়সৰ শিশুসকল এই ৰোগত আক্ৰান্ত হৈছে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে ৷ চিকিৎসকে অত্যধিক গৰমৰ ফলতে শিশুসকল এই ৰোগত আক্ৰান্ত হৈছে বুলি প্ৰকাশ কৰিছে ৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে বিগত দুসপ্তাহত সৰ্বাধিক শিশুৰ মৃত্যু ঘটা শ্ৰী কৃষ্ণ মেডিকেল হাস্পতাল পৰিদৰ্শন কৰে ৷ মুজফ্ফৰপূৰত স্থানীয় ভাষাত 'চমকি' বুলি কোৱা জ্বৰত সৰ্বাধিক সংখ্যক শিশু আক্ৰান্ত হৈছে ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মৃতকৰ পৰিয়াললৈ 4 লাখ টকাৰ এক কালীন সাহাৰ্য প্ৰদান কৰাৰ লগতে জিলা প্ৰশাসন ,স্বাস্থ্য বিভাগকো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷
বিহাৰৰ মুজফ্ফৰপুৰৰ এই ঘটনা ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চাৰ বিষয় হৈ পৰিছে ৷ মুজফ্ফৰপুৰৰ শিশুসকলৰ পুষ্টিৰ দিশতো উত্থাপিত হৈছে প্ৰশ্ন ৷