দিল্লী,1 জুলাইঃ আজি সম্পূ্ৰ্ণ হ'ল মোডী নেতৃত্বাধীন চৰকাৰৰ চতুৰ্থ বাৰ্ষিকী ৷ চতুৰ্থ বাৰ্ষিকী উপলক্ষে মোডীয়ে চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা ডিজিটেল ইণ্ডিয়াৰ কথা টুইটাৰযোগে উল্লেখ কৰে ৷
কিমান সফল মোডীৰ ডিজিটেল ইণ্ডিয়া ! - etv bharat
মোডীৰ ডিজিটেল ইণ্ডিয়াৰ চাৰি বছৰ সম্পূৰ্ণ

কিমান সাফল্য মোডীৰ ডিজিটেল ইণ্ডিয়া !
চাৰি বছৰ পূৰ্বে আজিৰ দিনটোতে ডিজিটেল ইণ্ডিয়াৰ কাম-কাজ আৰম্ভ কৰা হৈছিল বুলি উল্লেখ কৰাৰ লগতে ডিজিটেল ইণ্ডিয়াই ৰাইজক শক্তিশালী আৰু দুৰ্নীতিমুক্ত কৰাৰ লগতে দৰিদ্ৰৰ বাবে চৰকাৰী সেৱা উন্নত কৰিছে বুলি টুইটাৰযোগে প্ৰকাশ কৰে মোডীয়ে ৷
2015 বৰ্ষৰ 1 জুলাইত ভাৰতবৰ্ষক ডিজিটেল মাধ্যমেৰে শক্তিশালী কৰাৰ উদ্দেশ্যৰে মোডী চৰকাৰে "ডিজিটেল ইণ্ডিয়া"-ৰ কাৰ্য আৰম্ভ কৰিছিল ৷