অসম

assam

ETV Bharat / bharat

ছীল কৰা হ'ল দিল্লীৰ নাগৰিক উন্নয়ন মন্ত্ৰণালয়ৰ কাৰ্যালয় - কৰ'ণা ভাইৰাছ

বুধবাৰে ছীল কৰা হয় নতুন দিল্লীৰ নাগৰিক উন্নয়ন মন্ত্ৰণালয়ৰ কাৰ্যালয়। মন্ত্ৰণালয়ৰ এগৰাকী বিষয়ববীয়াৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি লাভ কৰাৰ পাচতে ছীল কৰে কাৰ্যালয়টো।

COVID-19
ছীল কৰা হ'ল দিল্লীৰ নাগৰিক উন্নয়ন মন্ত্ৰণালয়ৰ কাৰ্যালয়

By

Published : Apr 22, 2020, 6:07 PM IST

নিউজ ডেস্ক, ২২ এপ্ৰিলঃ ছীল কৰা হৈছে নাগৰিক উন্নয়ন মন্ত্ৰণালয়ৰ ৰাজীৱ গান্ধী কাৰ্যালয়। বুধবাৰে এই কথা সদৰী কৰে মন্ত্ৰণালয়ৰ এক সূত্ৰই । লগতে নতুন দিল্লীৰ পৌৰ কাউঞ্চিলৰ কাৰ্যালয় ছেনিটাইজ কৰিবলৈ নিৰ্দেশ দিয়ে ।

নাগৰিক উন্নয়ন মন্ত্ৰণালয়ৰ ৰাজীৱ গান্ধী কাৰ্যালয়ৰ এজন বিষয়ববীয়াৰ দেহত মহামাৰী কৰ'ণা ভাইৰাছৰ অৱস্থিতি লাভ কৰাৰ পাচতে বুধবাৰে ছীল কৰি দিয়া হয় কাৰ্যালয়টো ।

ছীল কৰা হ'ল দিল্লীৰ নাগৰিক উন্নয়ন মন্ত্ৰণালয়ৰ কাৰ্যালয়

উল্লেখ্য যে,বিগত ১৫ এপ্ৰিলত নতুন দিল্লীৰ নাগৰিক উন্নয়ন মন্ত্ৰণালয়ৰ কাৰ্যালয়ত আগভাগ লৈছিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি লাভ কৰা বিষয়ববীয়াজনে। যাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰণালয়ত থকা তথা কৰ'ণাত আক্ৰান্ত বিষয়ববীয়া গৰাকীৰ সংস্পৰ্শত অহা সকলো ব্যক্তিক কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে ।

আনহাতে,নাগৰিক উন্নয়ণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে,কৰ'ণাত আক্ৰান্ত ব্যক্তিগৰাকীক মন্ত্ৰণালয়ৰ তৰফৰ পৰা সম্ভৱ হোৱা সকলো ধৰণৰ ব্যৱস্থা তথা চিকিৎসাৰ প্ৰদান কৰিব বুলি উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details