অসম

assam

ETV Bharat / bharat

সীমাই মানুহক বান্ধিব পাৰিলেও বান্ধিব নোৱাৰে জীৱ-জন্তুক - নেপালৰ পৰা হাতী ভাৰতত প্ৰৱেশ

নেপালৰ সৈতে সংযুক্ত ভাৰতৰ এক বিশাল ভূ-খণ্ড বনাঞ্চলে আগুৰি আছে ৷ এই বনাঞ্চলৰ মাজৰেই নেপালৰ পৰা দুটা হাতীয়ে সীমা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰে ৷ দুয়োটা হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি কিছু ক্ষয়-ক্ষতি কৰে যদিও সম্প্ৰতি বন বিষয়াই দুয়োটা হাতীকে নিৰীক্ষণ কৰি আছে ৷

Elephants from Nepal enter India, Forest Dept on red alert
নেপালৰ পৰা দুটা হাতী ভাৰতত প্ৰৱেশ

By

Published : Sep 19, 2020, 10:12 PM IST

নেশ্যনেল ডেক্স, 19 ছেপ্তেম্বৰঃ সীমাই মানুহক বান্ধিব পাৰিলেও বান্ধিব নোৱাৰে জীৱ-জন্তুক ৷ শেহতীয়াকৈ ভাৰত আৰু নেপালৰ মাজত বৰ্ধিত তিক্ততাৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা দুটাকৈ হাতী আহি উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ সীমান্তৱৰ্তী গাঁৱত প্ৰৱেশ কৰে ৷ এই ঘটনাৰ পিছতে দুয়ো ৰাজ্যৰে বন বিভাগে জাৰি কৰিছে ৰেড এলাৰ্ট ৷

নেপালৰ পৰা দুটা হাতী ভাৰতত প্ৰৱেশ

নেপালৰ সৈতে সংযুক্ত ভাৰতৰ এক বিশাল ভূ-খণ্ড বনাঞ্চলে আগুৰি আছে ৷ দুয়োটা হাতীয়ে এই বনাঞ্চলৰ মাজৰেই সীমা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰে ৷ দুয়োটা হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি কিছু ক্ষয়-ক্ষতি কৰে যদিও বন বিষয়াই দুয়োটা হাতীকে নিৰীক্ষণ কৰি আছে ৷ বিগত 13 ছেপ্তেম্বৰত হাতী দুটা ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশৰ পিছতেই উত্তৰাখণ্ডৰ বন বিভাগৰ মুখ্য ৱাইল্ডলাইফ ৱাৰ্ডেনে ঘটনাটোত সুক্ষ্ম দৃষ্টি নিক্ষেপ কৰাৰ নিৰ্দেশনা জাৰি কৰে ৷

উত্তৰাখণ্ডৰ বনমন্ত্ৰী হৰক সিং ৰাৱটে কয়, "নেপালৰ খাতিমা আৰু পিলিভিট বনাঞ্চলৰ পৰা হাতী দুটা ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ কৰিছে ৷ সম্প্ৰতি বন বিভাগৰ লোকসকলে দুয়োটা হাতীৰে পথ সলনি কৰি সুৰক্ষিত ঠাইলৈ প্ৰেৰণৰ বাবে যো-জা চলাইছে ৷"

লগতে পঢ়ক-মণিপুৰত আৰক্ষী আৰু সেনাবাহিনীৰ যুটীয়া অভিযানত আটক উগ্ৰপন্থী

ABOUT THE AUTHOR

...view details