অসম

assam

ETV Bharat / bharat

পশ্চিম বংগৰ গাঁৱত হাতীৰ উপদ্ৰৱ - হাতীৰ দল

পশ্চিম বংগৰ বন বিভাগৰ লোকে সদৰি কৰা অনুসৰি, বাংকুৰা জিলাৰ বেলিয়াতোৰ এলেকাত ২৩ টা হাতীয়ে প্ৰৱেশ কৰি কেইবাঘৰো মানুহৰ ঘৰ লণ্ড-ভণ্ড কৰে । হাতীৰ আক্ৰামণ ৰোধ কৰিবলৈ জংঘলৰ আশে-পাশে শিবিৰ স্থাপন কৰিছে বন বিভাগে ।

পশ্চিম বংগৰ গাঁৱত হাতীৰ উপদ্ৰৱ
পশ্চিম বংগৰ গাঁৱত হাতীৰ উপদ্ৰৱ

By

Published : Jun 14, 2020, 1:42 PM IST

নেশ্যনেল ডেস্ক, ১৪ জুন: পশ্চিম বংগত হাতীৰ উপদ্ৰৱ । খাদ্যৰ সন্ধানত ওলাই অহা ২৩ টা হাতীৰ এটা দলে বাংকুৰা জিলাত প্ৰৱেশ কৰি কেইবাঘৰো মানুহৰ ঘৰ লণ্ড-ভণ্ড কৰে । বিগত দুদিনৰ পৰা হাতীৰ এই তাণ্ডৱ অব্যাহত আছে বুলি জানিব পৰা গৈছে ।

পশ্চিম বংগৰ গাঁৱত হাতীৰ উপদ্ৰৱ

জিলাখনৰ বেলিয়াতোৰ এলেকাত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত বন বিভাগে জানিবলৈ দিয়ে যে, ২৩ টা হাতী প্ৰৱেশ কৰা বুলি খবৰ পোৱাৰ পিছত এতিয়া জংঘলৰ আশে-পাশে শিবিৰ স্থাপন কৰা হৈছে । পৃথকে তিনিটা হাতীয়ে বাৰবেন্দিয়া গাঁৱৰ এঘৰ মানুহৰ ঘৰত প্ৰৱেশ কৰি ঘৰ ভাঙি দিয়াৰ লগতে চাউল আৰু ঘেহু খাই লণ্ড-ভণ্ড কৰে ।

ইয়াৰোপৰি, অঞ্চলটোৰ অন্য মানুহৰো ক্ষতিসাধন কৰে হাতীৰ দলটোৱে । ক্ষতিগ্ৰস্ত গাঁওবাসীৰ ক্ষতিপূৰণ কৰিব বুলি ঘোষণা কৰে বন বিভাগৰ লোকে ।

লগতে পঢ়ক: নিজ গৃহ জিলালৈ উভতি অহা শ্ৰমিকক সাহাৰ্য উত্তৰ প্ৰদেশ চৰকাৰৰ

ABOUT THE AUTHOR

...view details