নিউজ ডেস্ক ,১৪ জুনঃ দেওবাৰে ছত্তিশগড়ত শেহতীয়াকৈ ৰাজ্যখনৰ তিনিটাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাৰ সৈতে পোহৰলৈ আহে তিনিজন বন বিষয়া আৰু এজন বনৰক্ষী জোৱান জড়িত থকাৰ অভিযোগ । সম্প্ৰতি ঘটনাৰ সন্দৰ্ভত ৱালাৰামপুৰ জিলাস্থিত ডিএফঅ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত বন বিভাগে এক গোচৰ ৰুজু কৰিছে । ঘটনাৰ লগত জড়িত অভিযুক্ত কেইজন ৰাজপুৰৰ সহ খণ্ড বন বিষয়া কে এছ খুটিয়া, ৰেঞ্জাৰ অনিল সিং, সহকাৰী ৰেঞ্জাৰ গোপালপুৰৰ ৰাজেন্দ্ৰ প্ৰসাদ তিৱাৰী আৰু এজন বনৰক্ষী জোৱান ভূপেন্দ্ৰ সিং বুলি জানিব পৰা গৈছে ।
হাতীৰ মৃত্যুক লৈ ছত্তিশগড়ত বনবিষয়াৰ লগতে বনৰক্ষী অভিযুক্ত
ছত্তিশগড়ত তিনিটাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাৰ তিনিজন বন বিষয়া আৰু এজন বনৰক্ষী জোৱান অভিযুক্ত হৈছে । অভিযুক্ত কেইজনৰ বিৰুদ্ধে ৰাজ্য খনৰ অসামৰিক সেৱাৰ ৩ নং দফা বিধি অমান্য কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ।
উল্লেখযোগ্য যে ১১ জুনত গোপালপুৰ অৰ্ন্তগত ৰাজপুৰ ৰেঞ্জত এজনী মাইকী হাতী মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত সুৰজপুৰ জিলাৰ প্ৰতাপপুৰ ৰেঞ্জত 9 আৰু 10 জুনত এটা গৰ্ভৱতী হাতী আৰু এটা দতাল হাতীৰো মৃত্যু হয় ৷ তাৎপৰ্যপূৰ্ণভাৱে বন বিভাগৰ অভিযুক্ত বিষয়া কেইজনে ঘটনাৰ বিষয়ে উচ্চপদস্থ বিষয়াক কোনো তথ্য প্ৰদান কৰা নাছিল ৷ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে বিষয়া কেইজনৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উঠিছে । ইপিনে কেনেদৰে হাতীকেইটাৰ মৃত্যু হ'ল তাক লৈ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ৷