নিউজ ডেস্ক, ১৬ জুনঃ মঙলবাৰে ছত্তিশগড়ৰ ধমতাৰি জিলাত এটা জলাশয়ত আবদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ এটা হাতী পোৱালীৰ মৃতদেহ। ধমতালিৰ অমিতাভ বাজপেয়ী নামৰ এগৰাকী বন বিষয়াই উল্লেখ কৰা অনুসৰি ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোৰ মৃত্যু সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
ছত্তিশগড়ৰ জলাশয়ত উদ্ধাৰ এটা মৃত হাতী-পোৱালী - হাতী
প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি হাতী পোৱালীটো জলাশয়টোত আবদ্ধ হৈ পৰাৰ ফলতে মৃত্যু হয়।
Elephant calf found dead in Chhattisgarh
২১ জনীয়া হাতীৰ এটা জাকে ধামতাৰি পৰা গড়িয়াবন্দ অভিমুখে গৈ আছিল। ধামতাৰিৰ পৰা গৈ থাকোতে হাতী জাকটোৰ পৰা এটা হাতী পোৱালী আদ-বাটতে নিখোজ হয় । ইয়াৰ পাছতে মঙলবাৰে এটা জলাশয়ত উদ্ধাৰ হয় হাতী পোৱালীটোৰ মৃতদেহ । প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি হাতী পোৱালীটো জলাশয়টোত আবদ্ধ হৈ পৰাৰ ফলতে মৃত্যু হয়। বন বিষয়া অমিতাভ বাজপেয়ী প্ৰকাশ কৰে এই কথা।
লগতে চাওকঃ ম'হ পালনৰ এক স্বৰ্গীয় অনুভূতি ক্ষেত্ৰ বাক্সাৰ ৰাজাবিল