নিউজ ডেস্ক, 12 এপ্ৰিলঃ ৰাজনৈতিক দলসমূহলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ৷ নিৰ্বাচনী চুক্তিৰ দ্বাৰা ৰাজনৈতিক দলসমূহে লাভ কৰা অনুদান সম্পৰ্কত বিতং তথ্য জমা দিয়ক নিৰ্বাচন আয়োগক ৷ নিৰ্বাচনী চুক্তিৰ দ্বাৰা সংস্থা, ব্যৱসায়ী কিম্বা প্ৰাৰ্থীৰ পৰা ৰাজনৈতিক দলসমূহে লোৱা অনুদানৰ সবিশেষ তথ্য বন্ধ খামৰ জৰিয়তে 30 মে'ৰ ভিতৰত নিৰ্বাচন আয়োগক জমা দিবলৈ দলসমূহলৈ এই নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ ৷
ৰাজনৈতিক দলসমূহে নিৰ্বাচন আয়োগক জমা দিব লাগিব অনুদানৰ সবিশেষ তথ্য
নিৰ্বাচনী চুক্তিৰ দ্বাৰা ৰাজনৈতিক দলসমূহে লাভ কৰা অনুদান সম্পৰ্কত বিতং তথ্য 30 মে'ৰ ভিতৰত জমা দিব লাগিব নিৰ্বাচন আয়োগক
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ৰাজনৈতিক দললৈ
বেচৰকাৰী সংস্থা, এশ্ব'চিয়েচন ডেম'ক্ৰেটিক ৰিফৰ্ম আৰু কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)য়ে দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি শুকুৰবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে এই নিৰ্দেশনা জাৰি কৰে ৷