দিল্লী,17এপ্ৰিল: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নিৰ্দেশত তামিলনাডুৰ ভেলোৰ লোকসভা সমষ্টিৰ নিৰ্বাচন স্থগিত । নিৰ্বাচন আয়োগৰ অনুৰোধ অনুসৰি এই নিৰ্দেশ জাৰি ৰাষ্ট্ৰপতি কোবিন্দৰ । এই নিৰ্দেশ অনুসৰি ৰাজ্যখনৰ 39 খন আসনৰ পৰিৱৰ্তে 38 খন আসনত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ।
টকাৰ বলত ভোটাৰক প্ৰভাম্বিত কৰাৰ চেষ্টা কৰাৰ আশংকাত নিৰ্বাচন আয়োগে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক কৰা অনুৰোধ অনুসৰি এই ভোটগ্ৰহণ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । তথ্য অনুসৰি সমষ্টিটোৰ এগৰাকী ডিএমকে নেতাৰ গুদামঘৰৰ পৰা জব্দ কৰা হৈছিল প্ৰায় 11 কোটি টকা ৷ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 18 এপ্ৰিলত ভেলোৰ লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল ৷