অসম

assam

ETV Bharat / bharat

চাৰি ৰাজ্যৰ বিধানসভা কাৰ দখলত? - arunachal pradesh

অন্ধ্ৰপ্ৰদেশ, ছিকিম, অৰুণাচল প্ৰদেশ আৰু ওড়িশাত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷

চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ খতিয়ান

By

Published : May 23, 2019, 12:15 PM IST

Updated : May 24, 2019, 1:01 AM IST

নিউজ ডেস্ক, 23 মে' : বিধানসভা নিৰ্বাচনত অৰুণাচল প্ৰদেশত 25খনকৈ আসন দখল বিজেপিৰ৷ ইয়াৰ উপৰি পাঁচখন আসনত অগ্ৰগতি লাভ কৰি আছে দলটোৱে৷ নিৰ্দলীয় পাৰ্টীয়ে দুখন আসন দখল কৰিছে ৷ আনহাতে কংগ্ৰেছে তিনিখন আসনত জয়লাভ কৰিছে ৷ জনতা দলে ছখন আসনত জয়লাভ কৰাৰ লগতে পিপুলছ পাৰ্টী অৱ অৰুণাচল দলৰ লগতে এনপিপিয়ে এখনকৈ আসন লাভ কৰিছে ৷

ছিকিমত চৈধ্যখন আসনত বিজয় সাব্যস্ত কৰে চিকিম ক্ৰান্তিকাৰী মৰ্চাই৷ তিনিখন আসনত বৰ্তমানেও অগ্ৰগতি লাভ কৰি আছে দলটোৱে৷ আনহাতে বাৰখন আসনত জয়লাভ কৰিছে ছিকিম ডেম'ক্ৰেটিক ফ্ৰন্টে ৷

অন্ধ্ৰপ্ৰদেশত 145খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে YSRCP দলে৷ বৰ্তমানেও পাঁচখন আসনত অগ্ৰগতি লাভ কৰি আছে দলটোৱে৷ আনহাতে টিডিপিয়ে 19খন আসনত জয়লাভ কৰাৰ লগতে পাঁচখন আসনত অগ্ৰগতি লাভ কৰি আছে ৷

ওড়িশাত 54খন আসনত বিজয় সাব্যস্ত কৰিছে বিজু জনতা দলে৷ আনহাতে 57খন আসনত বৰ্তমানেও অগ্ৰগতি লাভ কৰি আছে দলটোৱে৷ বিজেপিয়ে আঠখন আসনত জয়লাভ কৰাৰ লগতে 16 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷ আনহাতে কংগ্ৰেছে দুখন আসনত জয়লাভ কৰাৰ লগতে সাতখন আসনত অগ্ৰগতি লাভ কৰি আছে ৷

Last Updated : May 24, 2019, 1:01 AM IST

ABOUT THE AUTHOR

...view details