অসম

assam

ETV Bharat / bharat

ICU ত তলা ! উপযুক্ত সময়ত চিকিৎসা নাপাই মৃত্যু মহিলাৰ - উপযুক্ত সময়ত চিকিৎসা নাপাই মৃত্যু মহিলাৰ

উজ্জেনত পোহৰলৈ আহিছে স্বাস্থ্য বিভাগৰ ফোফোলা স্বৰূপ ।চিকিৎসাৰ অভাৱত মৃত্যু এগৰাকী মহিলাৰ । আইচিইউ কক্ষত ওলমি থকা তলাই প্ৰাণ কাঢ়ি নিলে এগৰাকী ৰোগীৰ ।

ICU ত তলা ! উপযুক্ত সময়ত চিকিৎসা নাপাই মৃত্যু মহিলাৰ
ICU ত তলা ! উপযুক্ত সময়ত চিকিৎসা নাপাই মৃত্যু মহিলাৰ

By

Published : Apr 5, 2020, 11:23 AM IST

নিউজ ডেস্ক, ৫ এপ্ৰিলঃদেশত কৰ'ণা ভাইৰাছৰ বিভীষিকা চলি থকাৰ মাজতেই উজ্জেনত পোহৰলৈ আহিছে স্বাস্থ্য বিভাগৰ ফোফোলা স্বৰূপ । এই জটিল সন্ধিখনত আইচিইউত ওলমি থকা তলাই প্ৰাণ কাঢ়ি নিলে এগৰাকী ৰোগীৰ । যি সময়ত চিকিৎসালয়ত চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্য় কৰ্মী গিজগিজাই থাকিব লাগিছিল সেই সময়ত আইচিইউত তলা ওলমি থকাৰ ফলত এগৰাকী ৰোগীৰ মৃত্য়ু হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰ ।

চিকিৎসকৰ গাফিলতি:

দৰাচলতে ৫৫ বছৰীয়া লক্ষ্মী বাই নামৰ এগৰাকী মহিলা উশাহ-নীশাহ লোৱাত কষ্টৰ সন্মুখীন হৈছিল । ততাতৈয়াকৈ তেওঁক মেডিকেল কলেজলৈ অনা হয় যদিও আইচিইউ ৱাৰ্ডত ওলমি আছিল প্ৰকাণ্ড তলা । প্ৰায় আধা ঘণ্টা মান সময় অতিবাহিত কৰাৰ পাচতো কোনো এগৰাকী চিকিৎসা কৰ্মী উপস্থিত নহোৱাত পৰিয়ালৰ লোকে তলা ভাগি মহিলাগৰাকীক চিকিৎসা দিয়া চেষ্টা চলাই যদিও তেতিয়ালৈ বহু পলম হৈছিল । ফলত বিনা চিকিৎসাতেই মৃত্য়ু হয় মহিলাগৰাকীৰ ।

উপযুক্ত সময়ত চিকিৎসা নাপাই মৃত্যু মহিলাৰ

কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহ:

আচলতে প্ৰথমে মহিলাগৰাকীক মাধৱ নগৰ চিকিৎসালয়লৈ অনা হৈছিল । মাজ নিশা কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল ৰোগীগৰাকীক । কিন্তু আইচিইউৰ কক্ষগৃহত ওলমি আছিল তলা । আনহাতে এম্বুলেঞ্চতো নাছিল ভেন্টিলেটৰ সুবিধা ।

চিকিৎসকক নিলম্বন:

এই ঘটনাৰ পাচতেই উজ্জেনৰ কালেক্টৰ শশাংক মিশ্ৰাই ঘটনাটোৰ তদন্ত কৰি মাধৱ নগৰ হাস্পতালৰ দায়িত্বত থকা চিকিৎসক মহেশ পাৰামাট আৰু অসামৰিক শৈল চিকিৎসক আৰ পি পৰমাৰক নিলম্বিত কৰে । আনহাতে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে চিএমএইজঅ অনুশ্যা গাৱলিয়ে ।

উপযুক্ত সময়ত চিকিৎসা নাপাই মৃত্যু মহিলাৰ

লগতে চাওক- আমেৰিকাত চাকৰি হেৰুৱাইছে প্ৰায় 7 লাখ লোকে !

ABOUT THE AUTHOR

...view details