বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত মহিলাৰ বিৰুদ্ধে যৌন নিৰ্যাতন তথা ধৰ্ষণ কাণ্ড সংঘটিত কৰা অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তি গ্ৰহণ কৰা উচিত ৷ ইছলামিক ৰাষ্ট্ৰসমূহত এনে অপৰাধীসকলক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ উপৰি শিলগুটি নিক্ষেপ কৰি হত্যা কৰা হয় ৷ কিছুমান ৰাষ্ট্ৰত আকৌ খৰতকীয়া বিচাৰ সম্পন্ন কৰি শাস্তি ঘোষণা কৰা হয় ৷ যৌন নিৰ্যাতনকাৰীসকলৰ বিৰুদ্ধে বিভিন্ন ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহ তলত উল্লেখ কৰা হ'ল :
উত্তৰ কোৰিয়া : কোনো ক্ষমাদান নকৰি ধৰ্ষণকাৰীক মৃত্যুদণ্ড ঘোষণা কৰা হয় ৷ গুলীচালনা কৰা এটা স্কোৱাডে অভিযুক্তৰ মগজু অথবা শৰীৰৰ অন্য অংগত গুলীয়াই হত্যা কৰে ৷
চীন : চীনত যৌন নিৰ্যাতন এক ভয়ানক অপৰাধ ৷ ন্যায়পালিকাই অতি খৰতকীয়াকৈ সমগ্ৰ বিষয়টো পৰীক্ষণ কৰাৰ লগতে তদন্ত সম্পূৰ্ণ কৰে ৷ অপৰাধীজনক পিছফালৰ পৰা গুলীয়াই হত্যা কৰা হয় ৷ বহু ঘটনাত লিংগ ছেদ কৰি দিয়া হয় ৷ কিন্তু অধিক সংখ্যক ঘটনাত ভুক্তভোগীগৰাকীয়ে লজ্জাবোধ কৰি মনে মনে থাকে ৷
ছৌদি আৰৱ : বিচাৰৰ কিছুদিনৰ ভিতৰতে শাস্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হয় ৷ এনে অপৰাধীক সামূহিকভাৱে শিৰচ্ছেদ কৰা হয় ৷ কেতিয়াবা শিলগুটি নিক্ষেপ কৰিও হত্যা কৰা হয় ৷
ইৰান : অপৰাধীক মৃত্যুদণ্ডৰ ৰায় দিয়া হয় ৷ গুলীয়াই অথবা ফাঁচিকাঠত ওলমাই হত্যা কৰা হয় ৷ ভুক্তভোগীগৰাকীয়ে সহমতি দিলে মৃত্যুদণ্ড বাতিল কৰা হয় আৰু ইয়াৰ পৰিৱৰ্তে বেতেৰে 100 কোব দিয়াৰ লগতে যাবজ্জীৱন কাৰাদণ্ড প্ৰদান কৰা হয় ৷
আফগানিস্তান : অপৰাধ সংঘটিত কৰাৰ 4 দিনৰ ভিতৰতে শাস্তি প্ৰদান কৰা হয় ৷ মগজুত গুলীয়াই অথবা ফাঁচিকাঠত ওলমাই অপৰাধীক মৃত্যুদণ্ড দিয়া হয় ৷ ভুক্তভোগীসকলে নিজে অপৰাধীক শাস্তি প্ৰদান কৰাৰো ব্যৱস্থা আছে ৷
আৰৱ, ইজিপ্ত : ফাঁচিকাঠত ওলমাই মৃত্যু দিয়া হয় ৷ আৰৱত 7 দিনৰ ভিতৰত শাস্তিৰ ব্যৱস্থা কৰা হয় ৷
পাকিস্তান : দলবদ্ধ ধৰ্ষণ, শিশুৰ ওপৰত যৌন নিৰ্যাতন অথবা বলাৎকাৰৰ কাণ্ডত জড়িতসকলক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় ৷ মহিলাৰ অংগ প্ৰদৰ্শন কৰাৰ অপচেষ্টা কৰাসকলকো একে ধৰণৰ শাস্তি প্ৰদান কৰা হয় ৷