নিউজ ডেস্ক, 5 নৱেম্বৰ :ভাৰত আৰু চীনৰ সেনাৰ মাজত শুকুৰবাৰে অনুষ্ঠিত হ'ব ক'ৰ কামাণ্ডাৰ পৰ্যায়ৰ অষ্টমলানি আলোচনা ৷ দুয়োখন দেশৰ মাজৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পূৱ লাডাখৰ ছুছুলত অহাকালি আলোচনাত মিলিত হ'ব দুয়োখন দেশৰ স্থলসেনাৰ এটা প্ৰতিনিধি দল ৷ ভাৰতীয় স্থলসেনাৰ হৈ 14 ক'ৰৰ জিঅচি-ইন-চি লেফ. জেন. পিজিকে মেননে প্ৰতিনিধিত্ব কৰিব ভাৰতীয় প্ৰতিনিধিৰ দলটো ৷
লগতে পঢ়ক :ভাৰত আহি পালে যুঁজাৰু বিমান ৰাফেলৰ দ্বিতীয়টো গোটৰ তিনিখনকৈ বিমান