নেশ্যনেল ডেস্ক, 25 অক্টোবৰ :ভাৰত আৰু চীনৰ মাজত এই সপ্তাহতে অষ্টমখন ক'ৰ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, এই সপ্তাহতে অষ্টমখন বৈঠক অনুষ্ঠিত কৰাৰ বাবে তাৰিখ ঠিক কৰাৰ বাবে দুয়োপক্ষই কাম কৰি আছে ৷ এই অষ্টমখন বৈঠকত 14 গৰাকী নতুন ক'ৰ কামাণ্ডাৰে ভাৰতক প্ৰতিনিধিত্ব কৰিব ৷
এই সপ্তাহতে ভাৰত-চীনৰ অষ্টমখন ক'ৰ কামাণ্ডাৰ বৈঠকৰ সম্ভাৱনা - পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰ
ভাৰত আৰু চীনৰ মাজত এই সপ্তাহতে ক'ৰ কামাণ্ডাৰ পৰ্যায়ৰ অষ্টমখন বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ৷ প্ৰায় চাৰি মাহ ধৰি স্থবিৰ হৈ থকাৰ পাছত ভাৰতে চীনক পৰাস্ত কৰি পাংগং হ্ৰদৰ দক্ষিণ আৰু উত্তৰ দুয়োটা পাৰেই দখল কৰিবলৈ সক্ষম হৈছে ৷
এই সপ্তাহতে ভাৰত - চীনৰ মাজত অষ্টমখন ক'ৰ কামাণ্ডাৰ বৈঠকৰ সম্ভাৱনা
উল্লেখ্য যে প্ৰায় চাৰি মাহ ধৰি স্থবিৰ হৈ থকাৰ পাছত ভাৰতে চীনক পৰাস্ত কৰি পাংগং হ্ৰদৰ দক্ষিণ আৰু উত্তৰ দুয়োটা পাৰেই দখল কৰিবলৈ সক্ষম হৈছে ৷ যিহেতু দুয়োটা পক্ষই এই আলোচনাত পূব লাডাখৰ লগতে পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা নিজ নিজ সৈন্যক পিছুৱাই অনাৰ ক্ষেত্ৰত আলোচনাত মিলিত হ'ব, সেয়ে এইবাৰৰ বৈঠকখন যথেষ্ঠ গুৰুত্বপূৰ্ণ হ'ব বুলি বিবেচনা কৰা হৈছে ৷
লগতে পঢ়ক:জম্মু কাশ্মীৰত অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত প্ৰাক্তন উগ্ৰপন্থী