নিউজ ডেস্ক, 10 আগষ্ট : কংগ্ৰেছৰ পূৰ্বৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে EIA-2020 খচৰাক লৈ সোমবাৰে মোদী চৰৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু এই খচৰা বাতিল কৰিবলৈ দাবী জনায় ৷ তেখেতে টুইটযোগে অভিযোগ উত্থাপন কৰি EIA-2020 খচৰাখনৰ উদ্দেশ্যই দেশক লুটপাট কৰা বুলি মন্তব্য কৰে ৷
কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰি কয় যে, "এয়া বিজেপি চৰকাৰে দেশৰ সম্পদ সমূহক লুন্ঠন চলোৱা বন্ধু সকলৰ কাৰণে কি কি কৰি আহিছে তাৰ আন এক ভয়ংকৰ উদাহৰণ " ৷