অসম

assam

ETV Bharat / bharat

বাজেট 2020 : কি আছে শিক্ষা খণ্ডত

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয়খন বাজেট ৷ আন খণ্ড সমূহৰ লগতে শিক্ষা খণ্ডটো দেখা গ'ল বহুকেইখন অভিনৱ আঁচনি ৷

By

Published : Feb 1, 2020, 3:00 PM IST

Updated : Feb 1, 2020, 3:30 PM IST

Education sector in Budget 2020-21
বাজেট 2020 : কি আছে শিক্ষা খণ্ডত

নিউজ ডেস্ক ৰিপৰ্ট,1 ফ্ৰেব্ৰুৱাৰী:আজি সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয়খন বাজেট ৷ আজি দিনৰ 11 বজাত বিত্তমন্ত্ৰী গৰাকীয়ে সংসদত দাখিল কৰে 2020-21 বিত্তীয় বৰ্ষৰ বাজেট ৷ আন খণ্ড সমূহৰ লগতে শিক্ষা খণ্ডটো দেখা গ'ল বহুকেইখন অভিনৱ আঁচনি ৷ এই বাজেটত শিক্ষা খণ্ডত অন্তৰ্ভুক্ত হোৱা বিষয় সমূহ হ'ল-

1. দেশৰজুৰি শিক্ষাৰ বিকাশৰ বাবে 99,300 কোটি টকা ধাৰ্য্য কৰাৰ বিপৰীতে দক্ষতা বিকাশৰ বাবে ধাৰ্য কৰা হৈছে 3000 কোটি টকা ৷

বাজেট 2020 : কি আছে শিক্ষা খণ্ডত

2. অচিৰেই ঘোষণা কৰা হ'ব নতুন শিক্ষানীতিৰ আঁচনি ৷ দেশৰ পিচপৰা তথা বঞ্চিত জনসাধাৰণৰ বাবে নিৰ্দিষ্ট কিছু শিক্ষানুষ্ঠানত স্নাতক পৰ্যায়ৰ লৈকে মুকলি কৰা হ'ব অনলাইন শিক্ষা ব্যৱস্থা ৷

3. শিক্ষাখণ্ডৰ সৈতে সংগতি ৰাখি বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় আৰক্ষী বিশ্ববিদ্যালয় স্থাপনৰ কথা ৷ লগতে স্থাপন কৰা হ'ব ৰাষ্ট্ৰীয় ফৰেণচিক বিশ্ববিদ্যালয় ৷ আগন্তক সময়ত প্ৰতিখন জিলা পৰ্যায়ৰ হাস্পতালৰ সৈতে মেডিকেল কলেজক সংযোজিত কৰা হ'ব ৷

বাজেট 2020 : কি আছে শিক্ষা খণ্ডত

4. শিক্ষাখণ্ডৰ মাণদণ্ডক উন্নত কৰাৰ বাবে বিত্তমন্ত্ৰীয়ে আগবঢ়াইছে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰস্তাৱ ৷ নতুন শিক্ষানীতিৰ আধাৰত এইক্ষেত্ৰত পোৱা গৈছে প্ৰায় 2 লাখৰো অধিক পৰামৰ্শ ৷ উচ্চশিক্ষাৰ ক্ষেত্ৰখনক উদগণি যোগোৱাৰ বাবে বিদেশী বিনিয়োগে প্ৰভূত প্ৰভাৱ পেলাব বুলিও উল্লেখ নিৰ্মলা সীতাৰমণৰ৷

5. বিশ্বজনীন হোৱাকৈ তথা বিশ্বমুখী দক্ষতা বিকাশৰ বাবে নাৰ্চ, স্বাস্থ্যকৰ্মী সকলক এক উন্নত মাণদণ্ডৰ পাঠ্যক্ৰম যুগুত কৰাৰ বাবে প্ৰস্তাৱ ৷

লগতে পঢ়ক:কেন্দ্ৰীয় বাজেট 2020ঃ কি আছে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰলৈ ?

Last Updated : Feb 1, 2020, 3:30 PM IST

ABOUT THE AUTHOR

...view details