অসম

assam

ETV Bharat / bharat

নিযুক্তি কেলেংকাৰী : কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন কুমাৰ বাঞ্চালক জেৰা ইডিৰ

ৰে’লৱে পদত নিযুক্তিৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত প্ৰাক্তন ৰে’লমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন কুমাৰ বাঞ্চালক জেৰা কৰে ইডিয়ে ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ভতিজা এই কেলেংকাৰীত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ইডিয়ে ৷

ED questions Cong leader Pawan Kumar Bansal
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন কুমাৰ বাঞ্চালক জেৰা

By

Published : Jul 17, 2020, 10:14 AM IST

নেশ্যনেল ডেস্ক, 17 জুলাই : প্ৰাক্তন ৰে’লমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন কুমাৰ বাঞ্চালক প্ৰৱৰ্তন নিৰ্দেশালয় (ইডি)ৰ জেৰা ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ভতিজা ৰে’লৱে পদত নিযুক্তিৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত সোধ-পোচ কৰা হয় মন্ত্ৰীগৰাকীক ৷

উল্লেখ্য যে, ইডিয়ে মহেশ কুমাৰ (সদস্য কৰ্মচাৰী), ৰে’লৱে ব’ৰ্ড, বিজয় চিংগলা, সন্দীপ গোয়েল আৰু আন 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে PMLAৰ অধীনত তদন্ত আৰম্ভ কৰে ৷ ইয়াৰ লগতে, চিবিআইয়েও অভিযোগনামা দাখিল কৰে বুলি জানিব পৰা গৈছে ৷

ইডিৰ এক সূত্ৰই জনোৱা মতে, ‘‘বুধবাৰে এজেঞ্চীয়ে চণ্ডীগড় কাৰ্যালয়ত 8 ঘণ্টা ধৰি বাঞ্চালক জেৰা চলায় ৷ অনাগত দিনত পুনৰ সোধ-পোচ কৰা হ’ব তেওঁক ’’ ৷

লগতে ইডিয়ে সদৰি কৰে যে, চিংগলাই এন মঞ্জু নাথৰ পৰা সন্দীপ গোৱেলৰ মাধ্যমেৰে 10 কোটি টকাৰ দাবী কৰে, যাতে মহেশ কুমাৰক ৰে’লৱেৰ সদস্যৰূপে নিয়োগ কৰিব পাৰে ৷

বিগত বছৰৰ মে’ মাহত ইডিয়ে 89 লাখ টকা যুগুত কৰে ৷ এই ধনৰাশি 2013 চনত চিবিআইয়ে বঞ্চলৰ ভতিজা বিনয় চিংগলাৰ কাৰ্যালয়ৰ পৰা জব্দ কৰিছিল ৷ বাঞ্চাল ৰে’লমন্ত্ৰীৰ পদত থকাৰ সময়তে ৰে’লৱেৰ শীৰ্ষ পদত নিযুক্তিৰ এই কেলেংকাৰী সংঘটিত হৈছিল ৷ এই কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাচতে বাঞ্চলে ৰে’লমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল ৷

লগতে পঢ়ক : জম্মু কাশ্মীৰত গুলীয়াগুলিত নিহত দুই সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details