গুৰগাঁও(হাৰিয়ানা),২৯ মে': পুনৰ নেচনেল হেৰাল্ড গোচৰত গান্ধী পৰিয়াল। EDয়ে নেচনেল হেৰাল্ডৰ ৬৪ কোটি টকাৰ সম্পত্তি স্থায়ীভাৱে বাজেয়াপ্ত কৰে। ২০১৮ বৰ্ষৰ ডিচেম্বৰতে গুৰগাৱঁৰ এই সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল যদিও বুধবাৰে ইয়াক স্থায়ীভাৱে বাজেয়াপ্ত কৰা হয়।
EDয়ে বাজেয়াপ্ত কৰিলে ন্যেচনেল হেৰাল্ডৰ ৬৪ কোটিৰ সম্পত্তি - ETV BHARAT
গুৰগাৱঁস্থিত নেচনেল হেৰাল্ডৰ ৬৪ কোটি টকাৰ সম্পত্তি স্থায়ীভাৱে বাজেয়াপ্ত কৰিলে এনফ'ৰমেন্ট ডিৰেক্টৰ চমুকৈ EDয়ে। আজি EDৰ তৰফৰ পৰা জনোৱা হয় এই তথ্য ।
EDয়ে বাজেয়াপ্ত কৰিলে ন্যেচনেল হেৰাল্ডৰ ৬৪ কোটিৰ সম্পত্তি
নেচনেল হেৰাল্ড নামৰ সংবাদ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল জৱাহৰলাল নেহৰুৱে। এই সংবাদ পত্ৰখনৰ স্বত্বাধিকাৰী আছিল এছ'চিয়েচন জাৰ্নেল। সংবাদ পত্ৰ খন চলোৱাৰ বাবদ সংস্থাটো এটা মোটা অংকৰ ধনৰ ঋণত পোত যাবলগীয়া অৱস্থা হয়। এই ধাৰৰ অধিকাংশই আছিল কংগ্ৰেছৰ পৰা লোৱা। এইক্ষেত্ৰত কংগ্ৰেছে তৰফৰ পৰা জনোৱা হয় যে হেৰাল্ড সংবাদ পত্ৰখনৰ নীতি কংগ্ৰেছৰ নীতিৰ সৈতে মিল থকা বাবে সংবাদ পত্ৰখনত ঋণ দি সহায় কৰা হৈছিল।