অসম

assam

ETV Bharat / bharat

আই এন এক্স মিডিয়া গোচৰত তিহাৰ জেলত চিদাম্বৰমক জেৰা - আইনেক্স গোচৰ : চিদাম্বৰমক জেৰাৰ বাবে তিহাৰত ED দল

আই এন এক্স মিডিয়া গোচৰত দুদিনৰ বাবে পি. চিদাম্বৰমক নিজৰ জিম্মাত ল'লে এনফ'ৰ্চমেন্ট ডাৰেক্টৰেটে (ED) ৷ কিছু নথি-পত্ৰ সন্দৰ্ভতো তেওঁক প্ৰশ্ন উত্থাপন কৰিব EDৰ দলটোৱে ৷

চিদাম্বৰমক জেৰা

By

Published : Nov 22, 2019, 5:35 PM IST

নেশ্যনেল ডেস্ক, 22 নৱেম্বৰ: প্ৰাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি. চিদাম্বৰমক দুদিনৰ বাবে নিজৰ জিম্মাত লৈছে এনফ'ৰ্চমেন্ট ডাৰেক্টৰেটে (ED) ৷ শুকুৰবাৰে তিহাৰ জেলত EDৰ বিষয়ববীয়াই INX মিডিয়াৰ ধন আত্মসাতৰ অভিযোগত জেৰা অব্যাহত ৰাখিছে চিদাম্বৰমক ৷

পি. চিদাম্বৰম

EDৰ এজন জ্যেষ্ঠ বিষয়াই মন্তব্য কৰে যে,চিদাম্বৰমক জেৰা কৰিবৰ বাবে এটা দলে তিহাৰলৈ যোৱাৰ লগতে কিছু নথি-পত্ৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিব ৷ চিবিআইৰ বিশেষ আদালতে চিদাম্বৰমক দুদিনৰ বাবে জেৰা কৰিবলৈ অনুমতি প্ৰদান কৰাৰ এদিন পাচতে এনফ'ৰ্চমেন্ট ডাৰেক্টৰেটে এই কাৰ্যপন্থা গ্ৰহণ কৰে ৷ চিবিআইৰ বিশেষ আদালতৰ বিচাৰক অজয় কুমাৰ কুহাৰে 22 আৰু 23 নৱেম্বৰত চিদাম্বৰমক জেৰা কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ৷

উল্লেখ্য যে, 21 আগষ্টৰ দিনা চিদাম্বৰমক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও পাচত জামিনত মুকলি কৰি দিয়া হৈছিল ৷ কিন্তু ইয়াৰ পাচতে পুনৰ তেওঁক একে গোচৰতে গ্ৰেপ্তাৰ কৰা হৈছিল ৷

আৰু পঢ়ক : ইডেন গাৰ্ডেনত আৰম্ভ হ'ল ঐতিহাসিক টেষ্ট মেচ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details