অসম

assam

ETV Bharat / bharat

সদনত দাখিল অৰ্থনৈতিক সমীক্ষা

বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনে উভয় সদনত দাখিল কৰিলে 2019ৰ অৰ্থনৈতিক সমীক্ষা

By

Published : Jul 4, 2019, 3:27 PM IST

Updated : Jul 4, 2019, 3:51 PM IST

সদনত দাখিল অৰ্থনৈতিক সমীক্ষা

  • বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনে উভয় সদনত দাখিল কৰিলে 2019ৰ অৰ্থনৈতিক সমীক্ষা ৷
  • সমীক্ষাত 2020 বিত্তীয় বৰ্ষত সুস্থিৰ ব্যষ্টিবাদী অৰ্থনৈতিক বিত্তীয় পৰিস্থিতিত 7 শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধি হব বুলি আশা কৰা হৈছে ৷
  • সমীক্ষা অনুসৰি 2019-20 বিত্তীয় বৰ্ষত তৈল সামগ্ৰীৰ দাম হ্ৰাস পাব বুলি আশা কৰা হৈছে ৷
  • বিত্তীয় বৰ্ষ 2018-19ৰ বিত্তীয় ঘাটি পূৰ্বানুমান অনুসৰি ঘৰুৱা উৎপাদনৰ 3.4 শতাংশ ধাৰ্য কৰা হৈছে ৷ উল্লেখ্য যে অন্তৱৰ্তীকালীন বাজেটতো মুঠ ঘৰুৱা উৎপাদন 3.4 শতাংশ ধাৰ্য কৰা হৈছিল ৷
    সদনত দাখিল অৰ্থনৈতিক সমীক্ষা
  • 2025 বৰ্ষলৈ 5 ট্ৰিলিয়ন ডলাৰ অৰ্থনীতি হ'বলৈ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন 8 শতাংশ হোৱাটো প্ৰয়োজন ৷
  • বিত্তীয় বৰ্ষ 2018-19ৰ আমদানি 12.8 শতাংশ বৃদ্ধি পোৱাৰ লগতে ৰপ্তানি 15.8 শতাংশ লৈ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে ৷
  • সমীক্ষাত কৃষি খণ্ড,বন বিভাগ আৰু মীন বিভাগৰ 2.9 শতাংশ বিকাশ হ’ব বুলি ধাৰণা কৰা হৈছে ৷
  • সমীক্ষাত 2018-19 বৰ্ষত 283.4 মিলিয়ন টন খাদ্য শস্য উৎপাদন হ'ব বুলি ধাৰণা কৰা হৈছে ৷
  • 2020 বিত্তীয় বৰ্ষত বিনিয়োগৰ হাৰ চাহিদা অনুপাতে বৃদ্ধি হোৱাৰ আশা কৰা হৈছে ৷
  • 2018 বৰ্ষৰ মাজভাগৰ পৰা গ্ৰাম্য মজুৰিৰ হাৰ বৃদ্ধি পাই বিগত 5 বৰ্ষৰ তুলনাত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ গঢ়ে 7.5 শতাংশ হৈছেগৈ ৷
  • সেৱাখণ্ডত ৰপ্তানি 2000-01 বৰ্ষত 0.746 লাখ কোটিৰ পৰা 2018-19 বৰ্ষত 14.389 লাখ কোটি টকালৈ বৃদ্ধি পাইছে ৷
  • বিশ্বৰ সেৱাখণ্ডত ৰপ্তানি ক্ষেত্ৰত 2005 বৰ্ষত 2 শতাংশ হোৱাৰ বিপৰীতে 2017 বৰ্ষত 3.5 শতাংশলৈ বৃদ্ধি পাইছে ৷
  • প্ৰত্যক্ষ বিদেশী বিনিয়োগ সেৱাখণ্ড,অট'মবাইল আৰু ৰাসায়নিক ক্ষেত্ৰত 2015-16 বৰ্ষৰ পৰা বৃদ্ধি পাবলৈ ধৰিছে ৷
  • ক্ষুদ্ৰৰ পৰা বৃহৎ খণ্ডলৈকে সকলো ক্ষেত্ৰত ঋণৰ হাৰ বৃদ্ধি পাইছে ৷
  • উদ্যোগিক ক্ষেত্ৰত উৎপাদন খণ্ড আৰু নিৰ্মাণ খণ্ডত উন্নতি দেখা গৈছে ৷
  • কৰ্মঠ লোকৰ সংখ্যা বৃদ্ধি পাব ৷ 2021-31 বৰ্ষত বছৰি 9.7 মিলিয়নলৈ বৃদ্ধি পাব আৰু 2031-41 বৰ্ষত বছৰি 4.2 মিলিয়নলৈ বৃদ্ধি পাব ৷
  • ভাৰত এতিয়া বায়ু শক্তিত চতুৰ্থ,সৌৰ শক্তিত পঞ্চম আৰু নৱীকৰণ যোগ্য শক্তিত পঞ্চম স্থানত আছে ৷
  • থাৰ্মেল শক্তিৰ ক্ষেত্ৰত ভাৰতে এতিয়াও বিশ্বৰ 60 শতাংশ শক্তি যোগান ধৰে ৷
  • বিদ্যুৎ চালিত গাড়ীয়ে ভাৰতৰ 0.06 শতাংশ বজাৰ দখল কৰি আছে ৷
    সদনত দাখিল অৰ্থনৈতিক সমীক্ষা
  • EPFOৰ তথ্য অনুসৰি আনুষ্ঠানিক ক্ষেত্ৰত কৰ্ম সংস্থাপন 2018 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 4.87 লাখৰ পৰিৱৰ্তে 2019 বৰ্ষৰ মাৰ্চ মাহত আছিল 8.15 লাখ ৷
  • নিয়োগ নিশ্চিতকৰণ আচঁনি MGNREGA ত বাজেটীয় অনুদান অগ্ৰাধিকাৰ ভিত্তিত বিগত 4 বৰ্ষত বৃদ্ধি কৰা হৈছে ৷
Last Updated : Jul 4, 2019, 3:51 PM IST

ABOUT THE AUTHOR

...view details