নতুন দিল্লী,১৬ ডিচেম্বৰ : বৃহস্পতিবাৰৰ পৰা পশ্চিমবংগ নিৰ্বাচনৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ বাবে পশ্চিমবংগলৈ যাব নিৰ্বাচন আয়োগৰ এটা দল । তিনিদিনীয়া ভ্ৰমণসূচীৰে যাবলগা নিৰ্বাচন আয়োগৰ দলটোৱে অহা বছৰ হব লগীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাজ্য চৰকাৰৰ সৈতে এক আলোচনাত মিলিত হ’ব ।
পশ্চিমবংগলৈ যাবলগা দলটোৰ নেতৃত্বত উপ নিৰ্বাচন আয়ুক্ত সুদীপ জৈন থকাৰ সম্ভাৱনা আছে । এক তথ্য অনুসৰি নিৰ্বাচন আয়োগৰ দলটোৱে ৰাজ্যখনৰ উৰ্ধতন কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে কলকাতাৰ আৰক্ষী অধীক্ষক, জিলা দণ্ডাধীশ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ সৈতে বৈঠকত মিলিত হ’ব ।
এই বৈঠকখন পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । উপ নিৰ্বাচন আয়ুক্তই পশ্চিমবংগৰ মুখ্য সচিব আলাপন বন্দোপাধ্যায়,গৃহ বিভাগৰ সচিব এইছ কে দ্বিবেদী,স্বাস্থ্য বিভাগৰ সচিব এন এছ নিগম আৰু আৰক্ষী সঞ্চালক প্ৰধান বীৰেন্দ্ৰৰ সৈতেও আলোচনাত মিলিত হব ।
ইফালে ১৪ ডিচেম্বৰত জৈনে পুৱাৰ ভাগত মালদাত এখন সভাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । আনহাতে একেদিনাই শিলিগুৰিতো আন এখন সভাত ভাগ লব বিষয়াগৰাকীয়ে ৷ সোমবাৰে পশ্চিমবংগৰ জিলা দণ্ডাধীশ সকলৰ সৈতে মুখ্য নিৰ্বাচন আয়ুক্তৰ এখন ভিডিঅ কনফাৰেন্স অনুষ্ঠিত হৈছিল, এই কনফাৰেন্সত চলি থকা ভোটাৰ তালিকা সংশোধনীৰ ওপৰত সকলো বিষয় পৰ্যালোচনা কৰা হয় । ১৫ ডিচেম্বৰৰ ভিতৰত ভোটাৰ তালিক সংশোধনীৰ কাম কাজ সম্পৰ্ণ কৰাৰ বাবে ঠিৰাং কৰা হৈছে ।