নিউজ ডেস্ক, 27 মাৰ্চ : প্ৰধান মোডীৰ বায়'পিক " পি এম মোডী " ৰ চাৰি পৰিচালকলৈ নিৰ্বাচনী আয়োগৰ জাননী প্ৰেৰণ ৷ সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বেই ছবিখন মুক্তি দিয়াৰ ক্ষেত্ৰত দেশৰ কেইবাটাও ৰাজনৈতিক দলে নিৰ্বাচনী আয়োগক অভিযোগ দিয়াৰ পাচতে ছবিখনৰ চাৰি পৰিচালকলৈ এই জাননী আয়োগৰ ৷ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এই ছবিখন নিৰ্মাণ কৰা বুলি কংগ্ৰেছ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) এ দাখিল কৰিছিল অভিযোগ ৷
বিগত 25 মাৰ্চত কংগ্ৰেছ নেতৃত্বই নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ত উপস্থিত হৈ বিবেক আনন্দ অ'বেৰয় অভিনীত এই ছবিখন নিৰ্বাচনৰ পূৰ্বে মুক্তি দিলে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা হ'ব বুলি মত প্ৰকাশ কৰিছিল ৷ লগতে নিৰ্বাচনৰ ফলাফল ঘোষণ নোহোৱা পৰ্যন্ত ছবিখন মুক্তিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনাইছিল নিৰ্বাচনী আয়োগক ৷ইফালে বিগত 5 এপ্ৰিলত ছবিখনৰ প'ষ্টাৰ প্ৰকাশ কৰাক লৈ নিৰ্বাচনী আয়োগে জাননী প্ৰেৰণ কৰিছিল দুখন বাতৰি কাকতলৈ ৷
নৰেন্দ্ৰ মোডীৰ বায়'পিকৰ পৰিচালকলৈ নিৰ্বাচন আয়োগৰ জাননী - বায়'পিক
কংগ্ৰেছ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) এ দাখিল কৰা অভিযোগৰ ভিত্তিতে পৰিচালকলৈ নিৰ্বাচন আয়োগৰ জাননী
" পি এম মোডী " ৰ চাৰি পৰিচালকলৈ নিৰ্বাচনী আয়োগৰ জাননী
উল্লেখ্য যে, ইতিমধ্যে বোম্বে উচ্চ ন্যায়ালয়ত পুনেৰ এগৰাকী ৰাজনৈতিক কৰ্মীয়ে দাখিল কৰা আৱেদনৰ ভিত্তিত এক ন্যায়িক যুঁজত আছে এই ছবিখন ৷