অসম

assam

ETV Bharat / bharat

নিৰ্বাচনী আয়োগে ষ্টাৰ লিষ্টৰ পৰা নাম বাতিল কৰিছে, কেম্পেইনৰ পৰা নহয়: পৰবেশ বৰ্মা - Chief Electoral Officer of Delhi

বিজেপিৰ সাংসদ পৰবেশ চাহিব সিং বৰ্মাৰ নাম নতুন দিল্লী নিৰ্বাচনী প্ৰচাৰ দলৰ ষ্টাৰ কেম্পেইনাৰ লিষ্টৰ পৰা বাতিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে নিৰ্বাচনী আয়োগে ৷ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে বিজেপি সাংসদগৰাকীৰ নাম কৰ্তনৰ বাবে বিজেপিক নিৰ্দেশনা প্ৰদান কৰে নিৰ্বাচনী আয়োগে ৷ কিন্তু নিৰ্বাচনী আয়োগৰ নিৰ্দেশনাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ বৰ্মাই ৷ নিৰ্বাচনী আয়োগে তেওঁৰ নাম ষ্টাৰ কেম্পেইনাৰ লিষ্টৰ পৰাহে কৰ্তন কৰিবলৈ নিৰ্দেশনা দিছে, নিৰ্বাচনী প্ৰচাৰ দলৰ পৰা নহয় বুলি কয় সাংসদগৰাকীয়ে ৷

নিৰ্বাচনী আয়োগে ষ্টাৰ লিষ্টৰ পৰা নাম বাতিল কৰিছে, কেম্পেইনৰ পৰা নহয়: পৰবেশ বৰ্মা
নিৰ্বাচনী আয়োগে ষ্টাৰ লিষ্টৰ পৰা নাম বাতিল কৰিছে, কেম্পেইনৰ পৰা নহয়: পৰবেশ বৰ্মা

By

Published : Jan 30, 2020, 12:00 AM IST

নিউজ ডেস্ক, 29 জানুৱাৰীঃনিৰ্বাচনী আয়োগে বৃহস্পতিবাৰে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ সূচীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু সাংসদ পৰবেশ চাহিব সিং বৰ্মাৰ নাম কৰ্তন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷ নতুন দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সমিতিৰ পৰা দুয়োগৰাকী শীৰ্ষ নেতাৰ নামত তৎকালীনভাৱে বাতিল কৰিবলৈ বিজেপিক নিৰ্দেশনা প্ৰদান কৰে দেশৰ নিৰ্বাচনী আয়োগে ৷

এক বিতৰ্কিত মন্তব্য আগবঢ়াই বৰ্মাই কৈছিল, "লাখৰ ঘৰত তাত(শ্বাহিন বাগ) মানুহৰ সমাগম হৈছে ৷ দিল্লীৰ মানুহে এই বিষয়ে চিন্তা কৰি সিদ্ধান্ত ল'ব লাগে ৷ সিহঁতে আপোনাৰ ঘৰ সোমাই আপোনাৰ ভনী আৰু কন্যাক বলাৎকাৰ কৰিব, সিহঁতক হত্যা কৰিব লাগে ৷ আজি সেই সময় আছে, কাইলৈ মোডীজী আৰু অমিত শ্বাহে আপোনালোকক বচাবলৈ নাহে ৷"

ইটিভি ভাৰতৰ সৈতে হোৱা কথোপকথনত বৰ্মাই কয় যে, "মই আজি ৰাতিপুৱালৈকে গমেই পোৱা নাছিলো যে, মই এগৰাকী ষ্টাৰ কেম্পেইনাৰ, নিৰ্বাচনী আয়োগে মোৰ নামটো ষ্টাৰ কেম্পেইনাৰ সূচীৰ পৰা কৰ্তন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে, কেম্পেইনৰ পৰা নহয় ৷ মই এতিয়াও প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছো আৰু সূচীমতেই কৰি যাম ৷"

আপক আক্ৰমণৰ লক্ষ্য কৰি লৈ বৰ্মাই কয়, "সিহঁতে কয়, সিহঁতে বিগত 5 বছৰত 12খন মহাবিদ্যালয় বনাইছে ৷ মই দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিচোড়িয়াক প্ৰত্যাহ্বান জনাইছো, তেওঁলোকে যিকেইখন মহাবিদ্যালয় নিৰ্মাণ কৰিলে তাৰ নামসমূহ ৰাজহুৱা কৰক ৷ কিয় মহাবিদ্যালয়সমূহ পুস্তিকা আৰু ছবি ৰাইজৰ সৈতে প্ৰচাৰ কৰা হোৱা নাই ৷ যিদৰে তেওঁলোকে কয়, 1400 কোটি টকা খৰচ কৰাৰ কথা, সেই টকা ক'ত খৰচ হ'ল দিল্লীৰ মানুহে সেই কথা নাজানে ৷"

শ্বাহিন বাগৰ প্ৰতিবাদক বিজেপিয়ে কিয় আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি প্ৰশ্ন উত্থাপন কৰাত, বৰ্মাই কয়, "যদিহে পাকিস্তান জিন্দাবাদৰ দৰে শ্লোগান প্ৰতিবাদত গোৱা হয়, আপুনি নাভাৱেনে আমি ইয়াক লৈ শংকিত হ'ব নালাগে ? প্ৰতিবাদকাৰীসকলে মুল্যবিহীন কিছুমান কথা কৈ থকাৰ লগতে বিদ্বেষমুলক মন্তব্য প্ৰদান কৰি আহিছে ৷ যদি ইয়াৰ বিষয়ে সজাগ হোৱা নাযায়, তেতিয়া এইটো ভুল কৰা হ'ব ৷"

মঙলবাৰে দিল্লীৰ মুখ্য নিৰ্বাচনী আয়ুক্তই কেন্দ্ৰীয় নিৰ্বাচনী আয়োগলৈ এক প্ৰতিবেদন প্ৰদান কৰি, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে, "দেশ কে গদ্দাৰো, গোলি মাৰো চালো কো" বুলি ৰিথালাত 27 জানুৱাৰীত বহুবাৰ শ্লোগান দিয়াটো উদ্বেগজনক" বুলি প্ৰকাশ কৰিছিল ৷ ইতিমধ্যে নিৰ্বাচনী আয়োগে অনুৰাগ ঠাকুৰলৈ এক শ্বোকেজ নোটিচ জাৰী কৰি জানুৱাৰীৰ 30 তাৰিখৰ দিনৰ 12 বজাৰ ভিতৰত ইয়াৰ উত্তৰ বিছাৰিছে ৷

ABOUT THE AUTHOR

...view details